NORTHEAST NOW (Assamese)
অসম

নগাঁৱত প্ৰয়াসৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে স্বাৱলম্বন বিষয়ক কৰ্মশালা

Posted by: এন ই নাও নিউজ July 14, 2018 1:48 pm
প্ৰয়াস

নগাঁৱৰ অন্যতম স্বেচ্ছাসেবী সংগঠন প্ৰয়াসৰ উদ্যোগত আজিৰ পৰা দুদিনীয়াকৈ অনুস্থিত হৈছে স্বাৱলম্বন বিষয়ক এখন কৰ্মশালা। গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে সবল কৰি তোলাৰ লক্ষ্যৰে প্ৰশিক্ষিত কৰি তুলিবলৈ এই কৰ্মশালাৰ আয়োজন কৰা হৈছে।

নগাঁৱৰ পৰ্যটন ভৱনত বোকাখাতৰ “ইক’হাব”ৰ সহযোগত আয়োজিত এই কৰ্মশালাত মহিলাসকলক মেনুৱেল পেড আৰুৰু ক্ৰাফট তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে।

কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নেলচন দেৱে কয় যে নাৰীৰ আৰ্থিক স্বাৱলম্বিতা অবিহনে তেওঁলোকৰ সবলীকৰণ আৰু বিকাশ সম্ভৱ নহয়। তেওঁ মহিলাসকলক নিজকে স্বাৱলম্বী হোৱাৰ কামত ব্ৰতী হ’বলৈ আহ্বান জনায়।

প্ৰয়াসৰ হৈ ড০ আকাশী হাজৰিকাই জানিবলৈ দিয়ে যে প্ৰয়াসৰ এই অভিযান আগলৈও অব্যাহত থাকিব।এই সম্পৰ্কত সবিশেষ জানিবৰ বাবে ৯৪৩৫১৬৯০৩‍১ আৰু ৮৪৮৬০০৫৫৫৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। কৰ্মশালাত নেহা আৰোৰা আৰু শ্ৰেয়া পালৰ লগতে বহু মহিলাই অংশগ্ৰহণ কৰে।