NORTHEAST NOW (Assamese)
অসম

বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত কংগ্ৰেছক গালি পৰিও মহাজোঁটক সমৰ্থনৰ ইংগিত ৰাইজৰ দলৰ

Posted by: জাহ্নৱী বৰুৱা Updated by: জাহ্নৱী বৰুৱা April 28, 2021 4:09 pm
index

বিজেপি আমাৰ প্ৰথম শত্ৰু গতিকে বিজেপিক পৰাভূত কৰাৰ সস্বাৰ্থত যিকোনো পদক্ষেপ লবলৈ প্ৰস্তুত বুলি আজি সংবাদমেলৰ যোগে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত উল্লেখ কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক ডি শইকীয়াই।

সাংবাদিকৰ প্ৰশ্ন আছিল ‘যদিহে মহাজোঁটৰ চৰকাৰ গঠনত মহাজোঁটক আপোনালোকৰ প্ৰয়োজন হয় তেন্তে সহযোগিতা কৰিব নে নাই?’

শইকীয়াৰ উত্তৰত কয়, “বিজেপি আমাৰ প্ৰথম শত্ৰু গতিকে বিজেপিক পৰাভূত কৰাৰ সস্বাৰ্থত যিকোনো পদক্ষেপ লবলৈ প্ৰস্তুত আৰু সময় উপযোগী সিদ্ধান্ত ল’ম।”

তেওঁৰ এই উত্তৰৰ পৰা স্পষ্ট ইংগিত পোৱা যায় যে কংগ্ৰেছক গালি পৰিলেও মহাজোঁটক সহায় কৰিব ৰাইজৰ দলে।

উক্ত সংবাদমেলত কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে।

তেওঁ কংগ্ৰেছ প্ৰতি ক্ষোভ উজাৰি কয় “ৰাইজৰ দল গঠিন হোৱাৰ পূৰ্বেই কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আনুষ্ঠানিকভাৱে প্ৰদেশ কংগ্ৰেছৰ নেতৃবৰ্গৰ সৈতে মিত্ৰতা সম্পৰ্কত আলোচনা কৰিছিল। কিন্তু প্ৰদেশ কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘৰলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিনিধি গৈছিল। কিন্তু তেখেতৰ ঘৰৰ কুকুৰজনী মৰা বাবে আমাৰ লগত কথা নাপাতিলে।”