NORTHEAST NOW (Assamese)
দেশ

জৰুৰী অৱতৰণ কৰিবলৈ গৈ আৰৱ সাগৰত পৰিল অ’এনজিচিৰ হেলিকপ্টাৰ: চাৰিজন নিহত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2022 10:00 pm
ONGC Helicopter accident

অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেড (অ’এনজিচি)- ৰ মুম্বাইস্থিত সাগৰ কিৰণ ৰিগত জৰুৰী অৱতৰণ কৰিবলৈ চেষ্টা কৰা এখন হেলিকপ্টাৰ আৰৱ সাগৰত পৰাৰ ফলত মৰ্মান্তিকভাৱে মৃত্যুক সাবটিবলগীয়া হৈছে চাৰিজন ব্যক্তিয়ে।

আকাশী পথতে সম্ভাৱ্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পাবলৈ অ’এনজিচিৰ হেলিকপ্টাৰখন পাইলট দুগৰাকীয়ে জৰুৰীভাৱে সাগৰ কিৰণ ৰিগত অৱতৰণ কৰাবলৈ চেষ্টা কৰিছিল। কিন্তু এই সকলো চেষ্টাৰ পাছতো হেলিকপ্টাৰখন আৰৱ সাগৰত পৰি যায়।

দুৰ্ঘটনাৰ সময়ত হেলিকপ্টাৰ খনত দুজন পাইলটসহ মুঠ নজন যাত্ৰী আছিল। হেলিকপ্টাৰখন আৰৱ সাগৰত পৰি যোৱাৰ পাছতে লগে লগে উদ্ধাৰ অভিযান চলোৱা হয় আৰু আটাইকেইজন লোককে উদ্ধাৰ কৰা হয়।

কিন্তু কিছু সময় পিছত ইয়াৰে চাৰিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাগ্ৰস্ত পৱন হংস চিকোৰ্স্কি এছ-৭৬ হেলিকপ্টাৰখন নতুনকৈ লীজত লোৱা হৈছিল।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি হেলিকপ্টাৰখনত দুগৰাকী পাইলট আৰু অ’এনজিচিৰ ছয়জন কৰ্মচাৰী তথা কোম্পানীটোৰ বাবে কাম কৰা এজন ঠিকাদাৰ আছিল।

মৃত্যু হোৱা চাৰিজন লোকৰ ভিতৰত তিনিজন অ’এনজিচিৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে।