NORTHEAST NOW (Assamese)
দেশ

সাংবাদিক মহম্মদ জুবেইৰক চাৰিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 28, 2022 8:37 pm
Mohammed Zubair

সাংবাদিক তথা জনপ্ৰিয় ৱেবছাইট অল্ট নিউজৰ অন্যতম প্ৰতিষ্ঠাপক মহম্মদ জুবেইৰক আজি দিল্লীৰ এখন আদালতে চাৰি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। তথ্য পৰীক্ষণৰ জৰিয়তে শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বহু ভুৱা প্ৰচাৰৰ মুখা খুলি দিয়া অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক সাংবাদিক গৰাকীক সোমবাৰে চাৰি বছৰ পূৰ্বৰ এটা টুইটৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

জুবেইৰৰ বিৰুদ্ধে ধাৰাবাহিক অপৰাধৰ অভিযোগ তুলি একে ধৰণৰ আন গোচৰতো জেৰা কৰাৰ প্ৰয়োজন বুলি যুক্তি দি আৰক্ষীয়ে পাঁচ দিনৰ বাবে তেওঁক জিম্মাত বিচাৰিছিল। কিন্তু আদালতে পাঁচদিনৰ পৰিৱৰ্তে চাৰি দিনৰ বাবে সাংবাদিক গৰাকীক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

দিল্লী আৰক্ষীৰ ইণ্টেলিজেঞ্চ ফিউজন এণ্ড ষ্ট্ৰেটেজিক অপাৰেচনচ (আইএফএছঅ’) গোটে সোমবাৰে ২০২০ চনৰ এটা গোচৰত সোধপোছৰ বাবে মাতি পঠোৱাৰ পিছত জুবেইৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

ছ’চিয়েল মিডিয়াৰ তথ্য পৰীক্ষা কৰা ৱেবছাইট অল্টনিউজৰ অন্যতম প্ৰতিষ্ঠাপক গৰাকীক দিল্লী আৰক্ষীয়ে ধৰ্মীয় আৱেগত আঘাত কৰা আৰু সাম্প্ৰদায়িক শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

আনহাতে অল্টনিউজৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহাই অভিযোগ কৰিছিল যে জুবেইৰক এটা বেলেগ গোচৰত সোধা-পোছাৰ বাবে দিল্লীলৈ মাতি অনা হৈছিল। কিন্তু শেষত তেওঁক এক পৃথক গোচৰত গ্ৰেপ্তাৰ কৰা হয়।

তেওঁক কোনো গ্ৰেপ্তাৰৰ জাননী দিয়া হোৱা নাছিল বুলিও সিনহাই অভিযোগ কৰে। এক টুইটত সিনহাই কয়, “বাৰে বাৰে অনুৰোধ কৰাৰ পিছতো আমাক কোনো এজাহাৰৰ প্ৰতিলিপি দিয়া হোৱা নাই।”

আৰক্ষীয়ে অৱশ্যে কৈছে যে জুবেইৰে আৰক্ষী থানাত পঞ্জীয়ন কৰা এটা গোচৰৰ তদন্ত সন্দৰ্ভত থানাত উপস্থিত হৈছিল। এটা পুৰণি গোচৰত জুবেইৰক সোধা-পোছা কৰা হৈছিল যদিও নতুনকৈ পৰ্যাপ্ত প্ৰমাণ লাভ কৰাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে উল্লেখ কৰিছিল।