NORTHEAST NOW (Assamese)
অসম

লক্ষ্য সজাগতা সৃষ্টি: ২০৮ দিন খোজ কাঢ়ি কেইবাখনো ৰাজ্য পাৰ হৈ বিশ্বনাথত উপস্থিত তেলেঙ্গানাৰ যুৱক

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ June 28, 2022 6:21 pm
Telangana

প্ৰকৃতি সুৰক্ষাৰ সজাগতা সৃষ্টিৰে ‘Save Nature,Save Trees’ শ্ল’গান লৈ দক্ষিণ ভাৰতৰ এজন ২৩ বছৰীয়া যুৱক সম্পূৰ্ণ ২০৮ দিন খোজকাঢ়ি আজি উপস্থিত হ’ল বিশ্বনাথত। সম্বল বুলিবলৈ পিঠিত এটা বেগ, হাতত ম’বাইল ফোনটো আৰু ৰাষ্ট্ৰীয় পতাকাখন। অকলশৰীয়া এক দু:সাহসিক যাত্ৰা।

যুৱকজনৰ ঘৰ তেলেঙ্গানাৰ হাইদৰাবাদত। নাম শ্ৰীকান্ত কল্যাণ। ইতিমধ্যে এই ২৩ বছৰীয়া যুৱক জনে অকলশৰে দেশৰ ২৫ খন ৰাজ্য খোজকাঢ়ি অতিক্ৰম কৰি এতিয়া উপস্থিত হৈছে বিশ্বনাথত।

বিশ্বনাথৰ পৰা যুৱক জনে পুনৰ আজি যাত্ৰা আৰম্ভ কৰিছে অৰুণাচলৰ ইটানগৰলৈ। যুৱক জনে এইদৰেই খোজকাঢ়ি দেশৰ প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰিব বুলি জানিবলৈ দিছে।

ইতিমধ্যে ২৫ খন ৰাজ্য খোজকাঢ়ি ভ্ৰমণ কৰা শ্ৰীকান্ত কল্যাণে বাকী থকা ৰাজ্য সমূহ এনেদৰে খোজকাঢ়ি ভ্ৰমণ কৰিবলৈ আৰু পাঁচ মাহ লাগিব বুলি জানিব দিছে।

অদম্য ইচ্ছা শক্তি আৰু কষ্টকৰ এনে যাত্ৰাৰে শ্ৰীকান্তে দেশবাসীক প্ৰকৃতিৰ প্ৰতি সজাগ কৰাৰ এই দুৰ্বাৰ প্ৰচেষ্টাই সম্প্ৰতি যথেষ্ট চৰ্চা লাভ কৰিছে।