NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ‘মই মোৰ শিপাৰেই শিপাম এই মাটিত’ শীৰ্ষক অনুষ্ঠান : দুখন গ্ৰন্থ উন্মোচন

Posted by: মিন্টু দাস June 25, 2018 7:20 am
9e293b3b-50e4-491f-84ef-cc252301ca85

নগাঁও জিলা কবি সন্মিলনৰ সহযোগত নগাঁও সদৰ কবি সন্মিলন আৰু বহু আনন্দ প্ৰকাশনৰ উদ্যোগত নগাঁৱৰ ঐতিহ্যমণ্ডিত শ্বহীদ ভৱনত দেওবাৰে  “মই মোৰ শিপাৰেই শিপাম এই মাটিত “শীৰ্ষক এক বিশেষ সাহিত্যানুস্থান অনুষ্ঠিত হয়।

নগাঁও জিলা কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই সঞ্চালনা কৰা অনুষ্ঠানত কবি প্ৰয়াগ শইকীয়াৰ কাব্য গ্ৰন্থ ‘সবাক চিত্ৰ নিৰ্বাক কবিতা’ আৰু মুনমী বৰদলৈৰ গল্প সংকলন ‘ছায়াকল্প’  বিশিষ্ট গল্পকাৰ ইমৰান হুছেইনে উন্মোচন কৰে।

একেটা অনুষ্ঠানতে ‘নগাঁৱৰ সাংস্কৃতিক পৰিমণ্ডল, অভিজ্ঞতা আৰু অনুপ্ৰেৰণা’ শীৰ্ষক বক্তৃতা প্ৰদান কৰি তেওঁ নগাঁৱৰ সমাজ জীৱনত ওতঃপ্ৰোতভাবে জৰিত কেইবাজনো বিশিষ্ট লোকৰ সান্নিধ্য লাভ কৰাৰ কথা দোহাৰে।

বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি শিল্প সমালোচক অংকুৰ ডেকায়ো এক সাৰুৱা ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানতে বিশিষ্ট শংকৰী গৱেষক ড° নৰেন কলিতা উপস্থিত থাকি কবিতা আৰু ইয়াৰ প্ৰাসংগিকতাৰ ওপৰত মন্তব্য প্ৰদান কৰে।

আনহাতে, এই অনুষ্ঠানত অনুষ্ঠিত অনূদিত কবিতা পাঠত প্ৰায় দুকুৰি কবিয়ে অংশগ্ৰহণ কৰে। নগাঁও সদৰ কবি সন্মিলনৰ সম্পাদক বুবুল শৰ্মাই আঁ‌ত ধৰা এই অনুষ্ঠানত নগাঁৱৰ বহু কেইজন বিশিষ্ট সাহিত্যিকৰ লগতে দুই শতাধিক লোক উপস্থিত থাকে।

এই অনুষ্ঠান হোৱাৰ পূৰ্বেই শেহতীয়াকৈ মৃত্যু বৰণ কৰা দুই বিশিষ্ট সাহিত্যিক আবু লেইচ আৰু প্ৰফুল্ল কটকীৰ আত্মাৰ সদগতি কামনা কৰি তেওঁলোকৰ নামত দুটা গছ পুলি ৰোপণ কৰা হয়।