NORTHEAST NOW (Assamese)
অসম

নগাঁৱত সাহিত্য সন্মিলনীৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ

Posted by: মিন্টু দাস June 20, 2018 10:32 pm
nagaon rabha divas

নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত আজি ৪৯ সংখ্যক ৰাভা দিৱস উপলক্ষে নগাঁওস্থিত নেহৰু যুৱ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত ‘কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক সশ্ৰদ্ধ সোঁৱৰণ’ শীৰ্ষক এক বৰ্ণাঢ্য অনুষ্ঠান অনুষ্ঠিত হৈ যায়।

নগাঁও জিলা সাহিত্য সন্মিলনীৰ সভাপতি বিমল বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু জিলা সম্পাদক সুৰেন বৰাই  আঁত ধৰা সভাখন উদ্বোধন কৰে বিশিষ্ট যুক্তিবাদী লেখক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড° খৰ্গেশ্বৰ বৰাই ৷

বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোত উপস্থিত সকলো ৰাইজে কলাগুৰুজনাক পুষ্পা়ঞ্জলি নিবেদনেৰে শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে ডকমকাত নৃশংসতাৰ বলি হোৱা ‘নীল -অভি’ৰ আত্মাৰ সদগতি প্ৰাপ্তিৰ কামনাৰে  মৌন প্ৰাৰ্থনা কৰে।

আজিৰ অনুষ্ঠানত বিশিষ্ট কবি তথা সন্মিলনীৰ কাৰ্যকৰী সভাপতি ডাঃ ঋষেশ্বৰ ঠেঙাল, ডাঃ  ৰেজাউল কৰিম, আৰু শিশু সাহিত্যিক ৰুমু বেগম, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলাগুৰু জনাৰ বৰ্ণাঢ্য জীৱনৰ ওপৰত তত্বগধুৰ ভাষণ প্ৰদান কৰে।

গুণ শইকীয়া, প্ৰতিভা দেৱী, মনশ্ৰী দেৱীৰ সঙ্গীতানুষ্ঠান আৰু জাগৃতি কলিতাৰ কবিতা আবৃত্তিৰে মুখৰিত আজিৰ বৰ্ণাঢ্য অনুষ্ঠানতে সাহিত্যিক ক্ৰমে মোলান লস্কৰ, খগেন শইকীয়া আৰু  সুৰেশ বৰাক  অসমীয়া সাহিত্য সন্মিলনীৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

ইয়াৰ উপৰি কৃষক-শ্ৰমিক উন্নয়ন পৰিষদ, নগাওঁ জিলা সমিতি উদ্যোগত আৰু ৰাইদঙীয়া আঞ্চলিক সমিতিৰ সহযোগত বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱসৰ উপলক্ষে ৰাইদঙীয়াত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। অঞ্চলটোৰ শতাধিক লোকৰ উপস্থিতত অনুষ্ঠিত হোৱা অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক অম্লান জ্যোতি মহন্তই।

ৰাইদঙীয়া আঞ্চলিক সমিতিৰ সভাপতি তুতুমণি বৰা আৰু সাধাৰণ সম্পাদক পিংকু কলিতাই আঁ‌ত ধৰা অনুষ্ঠানটোত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ উপৰি তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে।