NORTHEAST NOW (Assamese)
অসম

ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৭৩ গৰাকীলৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 21, 2020 11:41 pm
COVID19: 2310 persons discharged in Assam on Friday

ত্ৰিপুৰাত বৃহস্পতিবাৰে পুনৰ নতুনকৈ দুগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা লোক দুগৰাকীৰৈ সৈতে ত্ৰিপুৰাত মুঠ আক্ৰান্তৰ সংখ্যা ১৭৩ লৈ বৃদ্ধি পালে।

ত্ৰিপুৰাত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা লোক দুজনৰ বিষয়ে উল্লেখ কৰি ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে লিখে, ‘’বৃহস্পতিবাৰে ৮৪৭ টা নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰে দুটা প’জিটিভ আহে।’’

ত্ৰিপুৰাত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা লোক দুগৰাকীৰ ভিতৰত এগৰাকী চৰাইবাৰী গেটৰ হোৱাৰ বিপৰীতে আন গৰাকী অলপতে চেন্নাইৰ পৰা উভতি অহা।

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ জনসাধাৰণক আতংকিত নহ’বলৈ আহ্বান জনাই সকলোকে চৰকাৰ-প্ৰশাসনে দিয়া নীতি-নিৰ্দেশনা পালন কৰি চলিবলৈ উপদেশ দিয়ে।

উল্লেখযোগ্য যে, ত্ৰিপুৰাত ক’ৰ’নাত আক্ৰান্ত হোৱা সকলৰ অধিকাংশ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান।

বুধবাৰে ত্ৰিপুৰাৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে ত্ৰিপুৰাত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰ দেশৰ ভিতৰতে সৰ্বাধিক বুলি মন্তব্য কৰিছিল।