NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথৰ ৰাজপথত ভূমিনীতি ২০২০-ৰ প্ৰতিলিপি দাহ আছুৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম July 2, 2020 3:40 pm

‘দিল্লীৰ ওচৰত আঠু ললে ৰাজ্য চৰকাৰে । ভুমি পুত্ৰৰ অধিকাৰ বঞ্চিত কৰাৰ ষড়যন্ত্ৰ ৰাজ্য চৰকাৰৰ,’ এই বিস্ফোৰক অভিযোগ তুলি বিশ্বনাথ চাৰিআলিৰ ট্ৰেফিক পইন্টত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থায়।

অসম চৰকাৰৰ কেবিনেটে উদ্যোগ স্থাপনৰ অজুহাতত খিলঞ্জীয়া মানুহৰ হাতৰ পৰা কৃষিভূমি কাঢ়ি লৈ ভূমিৰ অধিকাৰ নোহোৱা কৰাৰ বাবে খিলঞ্জীয়া বিৰোধী ভূমিনীতি -২০২০ প্ৰণয়ন কৰাৰ অভিযোগত আজি বিশ্বনাথত সদৌ অসম ছাত্ৰ সন্থাৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই “ভূমিনীতি ২০২০” প্ৰতিলিপি দাহ কাৰ্যসূচী গ্ৰহণ কৰে ।

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভূমিনীতি ২০২০ প্ৰতিলিপি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়।

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হায়, চন্দ্ৰ মোহন পাটোৱাৰী গ’ বেক ইত্যাদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী বিক্ৰম বিকাশ বৰা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাঃ সম্পাদক শ্ৰী ভাস্কৰ চামুৱা, বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী সুৰজ ভূঞা, সম্পাদক শ্ৰী লক্ষ্যজিৎ শইকীয়া, মুখ্য সাগঠনিক সম্পাদক শ্ৰী উদীপ্ত ভূঞা , উত্তৰ চাৰিআলি শাখা ছাত্ৰ সন্থাৰ সভাপতি শ্ৰী ভাস্কৰ বৰা, সম্পাদক শ্ৰী কৃষ্ণ বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছু গোটৰ সাংগঠনিক সম্পাদক শ্ৰী  প্ৰিয়াংকু প্ৰতীম দাসৰ লগতে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকল।

অনাগত দিনত চৰকাৰৰ খিলঞ্জীয়া বিৰোধী এই সিদ্ধান্তৰ বাতিল নহলে আৰু অধিক জংগি আন্দোলনৰ গঢ়ি তোলা হ’ব বুলিও হুংকাৰ দিয়ে বিশ্বনাথ আঞ্চলিক ছাত্ৰ সন্থাই ।