NORTHEAST NOW (Assamese)
অসম

মর্মান্তিক; কোভিড আক্রান্ত ব্যক্তিৰ মৃতদেহৰ সৈতে পৰিয়ালে যাপন কৰিবলগীয়া হ’ল দুটাকৈ দিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 2, 2020 3:14 pm
43Delhi_Indiia_Death_toll_cro_0

কৰ’না ভাইৰাছত আক্ৰান্ত লোক সকলৰ প্ৰতি এতিয়াও বহুতে নেতিবাচক মনোভাৱ গ্ৰহণ কৰি আহিছে। তাৰেই শেহতীয়া উদাহৰণ পোৱা গ’ল কলকাতাত।

কলকাতাৰ ৰাজা ৰামমোহন ৰায় লেনত বাস কৰা এজন ৭১ বছৰীয়া বৃদ্ধ বিগত কিছুদিন ধৰি জ্বৰত  ভুগি আছিল।

পৰিয়ালৰ লোকে তেওঁক ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ অনুসৰি দৰৱ খুৱায় যদিও স্বাস্থ্যৰ অৱস্থা উন্নত নোহোৱাত চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে।

কিন্ত চিকিৎসালয় পোৱাৰ কিছু সময় পিছতেই তেওঁৰ মৃত্যু ঘটে।

পৰিয়ালৰ লোকে মৃত লোকজনৰ সৎকাৰৰ বাবে প্ৰস্ততি চলায় যদিও স্থানীয় লোকে লোকজনৰ সৎকাৰত বাধা দিয়ে।

পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপে যদিও আৰক্ষীয়েও তেওঁলোকক বিমুখ কৰে।ফলত তেওঁলোকে উপায়ন্তৰ হৈ মৃতদেহৰ সৈতে দুদিন কটাবলগীয়া হয়।

তাৎপৰ্যপূৰ্ণভাৱে মৃত লোক জনৰ কোভিড পজিটিভ ফলাফল আহে। ফলত সমগ্ৰ এলেকাটোতে আতংক বিয়পি পৰে।

পৌৰসভা কৰ্তৃপক্ষক পৰিয়ালৰ লোকে যোগাযোগ কৰে যদিও কোনো সহাঁৰি লাভ নকৰিলে।

ইপিনে, ক’ভিড আক্ৰান্ত লোকৰ মৃতদেহ সৎকাৰ কৰিবলৈ পৌৰসভাও ৰাজী ন’হল। ফলত মৃতদেহৰ সৈতেই পৰিয়ালটোৱে পাৰ কৰিলে দুটাকৈ দিন।

এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতহে গা লৰিল চৰকাৰৰ। অৱশেষত, বৃহস্পতিবাৰে চৰকাৰৰ নিৰ্দেশত পৌৰসভাই মৃতদেহটো সৎকাৰৰ ব্যৱস্থা কৰে।