NORTHEAST NOW (Assamese)
Popular Stories

ইশা আম্বানীৰ হোলী পাৰ্টিত অংশ ল’লে প্ৰিয়ংকা-নিকে; বলিউদৰ আন কোন কোন তাৰকা হ’ল চামিল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 12:27 pm
Priyanka Chopra Story

ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ স্বত্তাধিকাৰী মুকেশ আম্বানীৰ কন্যা ইশা আম্বানীয়ে শুকুৰবাৰে নিজ গৃহত হোলী উৎসৱৰ পাৰ্টি আয়োজন কৰে।

ইশা আম্বানীৰ এই হোলী পাৰ্টিত বলিউদৰ বহু কেইগৰাকী তাৰকা অভিনেতা-অভিনেত্ৰী উপস্থিত থাকে।

ইশা আম্বানীৰ অন্য তাৰকা অভিনেতা-অভিনেত্ৰীৰ সৈতে উপস্থিত থাকিল প্ৰিয়ংকা চোপ্ৰা আৰু তেওঁৰ আমেৰিকান স্বামী নিক জোনচ।

প্ৰিয়ংকা আৰু নিকে আনন্দ-স্ফুৰ্তিৰে ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে। নিকৰ এয়া ভাৰতত প্ৰথম হোলী।

হোলী পাৰ্টিত প্ৰিয়ংকা আৰু নিকে বলিউদৰ আন এগৰাকী জনপ্ৰিয় অভিনেত্ৰী কেটৰিনা কাইফৰ সৈতেও একেলগে ফটো উঠা দেখা যায়।

মুকেশ আম্বানীৰ কন্যাৰ হোলী পাৰ্টিত আলিয়া ভাট, বৰুণ ধাৱান, সোমালী বেণ্ড্ৰে, জেকুলিন ফাৰ্ণাণ্ডেজ আদি তাৰকাইয়ো উপস্থিত থাকি হোলী খেলে।

উল্লেখযোগ্য যে, কৰ’না ভাইৰাছৰ আতংকৰ বাবে চলিত বৰ্ষত ভাৰতত হোলীৰ আনন্দ স্তিমিত হৈ পৰিব বুলি ধাৰণা কৰা হৈছে।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও জনসাধাৰণক পৰাপক্ষত বেছি জনসমাবেশ হোৱা স্থানৰ পৰা আতৰি থকাৰ বাবে অনুৰোধ জনাইছে।