NORTHEAST NOW (Assamese)
Popular Stories

ক্ৰিকেটাৰ পৰা অৱসৰ ঘোষণা এইগৰাকী মহান ভাৰতীয় বেটছমেনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 1:03 pm
wasim-jaffer

ভাৰতৰ ঘৰুৱা ক্ৰিকেটত ৰাণৰ পাহাৰ গঢ়া তথা ভাৰতীয় দলৰ প্ৰাক্তন অপেনিং বেটছমেন ৱাছিম জাফৰে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা সন্যাস ঘোষণা কৰে।

৪২ বৰ্ষীয় ৱাছিম জাফৰে ভাৰতৰ হৈ দক্ষিণ আফ্ৰিকাৰ বিপক্ষে কানপুৰত ২০০৮ চনত অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লৈছিল।

ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰি ৱাছিম জাফৰে কয়; ‘‘শচীন টেণ্ডুলকাৰ, ৰাহুল ড্ৰাৱিড়, সৌৰভ গাংগুলী, অনিল কুম্বলে, ভিভিএছ লক্ষ্মণ, ছেহৱাগ আৰু মহেন্দ্ৰ সিং ধোনীৰ দৰে ক্ৰিকেটাৰৰ সৈতে ড্ৰেছিং ৰূমত উপস্থিত থাকিব পৰাটো মোৰ বাবে ভাগ্যৰ কথা।’’

জাফৰে ২৬০ খন প্ৰথন শ্ৰেণীৰ ক্ৰিকেট খেলত অংশ লৈ ৫৭ টা শতক আৰু ৯১ টা অৰ্ধশতকৰ সহায়ত ৫০.৬৭ গড়েৰে মুঠ ১৯,৪১০ ৰান সংগ্ৰহ কৰে।

ৰঞ্জী ট্ৰফীত জাফৰে ১২,০৩৮ ৰান কৰে যি হ’ল ভাৰতীয় ৰঞ্জী ট্রফী ইতিহাসৰ সৰ্বোচ্চ ৰান সংগ্ৰহকাৰীৰ ৰেকৰ্ড।

ৱাছিম জাফৰে ভাৰতীয় দলৰ হৈ মুঠ ৩১ খন টেষ্টত অংশ লৈ সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছিল।

মুম্বাইৰ হৈ ৰঞ্জী ট্ৰফী খেলা জাফৰে পৰৱৰ্তী সময়ত বিদৰ্ভৰ হৈ ৰঞ্জী ট্ৰফীত খেলিবলৈ লয়।

অৱসৰৰ পাছত জাফৰে ২০২০ চনৰ আই পি এলত পাঞ্জাৱৰ হৈ বেটিং পৰামৰ্শদাতা হিচাপে দায়িত্ব পালন কৰিব।