NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ অপহৃত কিশোৰীক মায়াঙৰ পৰা উদ্ধাৰ আৰক্ষীৰ : এজনক আটক

Posted by: এন ই নাও নিউজ April 23, 2018 9:52 pm

ৰাজ্যখনত প্ৰায়ে নাৰীজনিত অপৰাধমূলক কাৰ্যকলাপ বৃদ্ধি পাই অহাৰ লগতে নগাঁও জিলাত অন্য জিলাৰ তুলনাত এই নাৰী জনিত অপৰাধৰ সংখ্যা বেছি। ইয়াৰে প্ৰমাণ হিচাপে জিলাখনৰ পৰা অপহৰণ কৰা এগৰাকী কিশোৰীক আজি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে নগাঁও জিলাৰ ডুমডুমীয়া আৰক্ষী চকীৰ অন্তৰ্গত পতিয়া চাপৰি গাঁৱৰ পৰা অপহৃত এগৰাকী কিশোৰীক আজি (সোমবাৰ) ডুমডুমা আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া টংকেশ্বৰ দাস আৰু সহ উপ-পৰিদৰ্শক আমীৰ হামজাৰ নেতৃত্বত যোৱা আৰক্ষী দলে মৰিগাঁও জিলাৰ মায়াঙৰ এক দুৰ্গম ঠাইৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখযোগ্য যে যোৱা ২১ এপ্ৰিলত নগাঁও জিলাৰ পতিয়া চাপৰি গাঁৱৰ আব্দুল মোতালিবৰ ১৪ বছৰীয়া কন্যাক নিজ গৃহৰ পৰাই কোনো দুৰ্বৃত্তই অপহৰণ কৰিছিল।

অপহৰণকাণ্ড সংঘটিত হোৱাৰ পিছতে কিশোৰীগৰাকীৰ পিতৃ আব্দুলে ডুমডুমীয়া আৰক্ষী পহৰা চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১৬৬/১৮ নম্বৰত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল। তদন্ত অব্যাহত ৰখাৰ মাজতে আৰক্ষীয়ে আজি এক গোপন সূত্ৰৰ ভিত্তিত খবৰ লাভ কৰি কিশোৰী গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ইতিমধ্যে অপহৰণকাণ্ডত একে গাঁৱৰে মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।