NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ গেদাৰবড়ীত শিশুৰ সলিল সমাধি

Posted by: এন ই নাও নিউজ May 30, 2018 8:06 pm
শিশুৰ সলিল সমাধি

আজি নগাঁৱৰ ২ নং গেদাৰবড়ীত এটি শিশুৰ সলিল সমাধি ঘটে। জানিব পৰা মতে নগাঁৱৰ ২ নং গেদাৰবড়ী গাঁৱৰ এটা পুখুৰীত উদ্ধাৰ কৰা হয় এটি শিশুৰ মৃতদেহ।

মৃত শিশুটিৰ নাম কেনচিং ৰংফা(৭) বুলি চিনাক্ত কৰা হৈছে। শিশুটিৰ ঘৰ কাৰ্বি আংলঙত বুলি জানিব পৰা গৈছে।

পুখুৰীটোত গা ধূবলৈ গৈ শিশুটি সন্ধানহীন হৈছিল। ঘটনাস্থলীত জাজৰিৰ আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও ছিভিল হস্পিতেললৈ প্ৰেৰণ কৰিছে।

শিশুটিৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অভিভাৱকৰ অলক্ষিতে গা ধূবলৈ পুখুৰীলৈ যোৱাৰ পিছত এনেদৰে কৰুণভাৱে মৃত্যুক সাৱটি ল’বলগীয়া হোৱাত ৰাইজ মৰ্মাহত হৈ পৰিছে।

তদুপৰি, গা ধূবলৈ যোৱাৰ সময়ত লগত কোনো বন্ধু-বান্ধৱ আছিলনে নাই সেয়া জানিব পৰা হোৱা নাই।