NORTHEAST NOW (Assamese)

নগাওঁ পুৰণিগুদামত ভয়ংকৰ দুৰ্ঘটনাত পতিত সেনাৰ গাড়ী

June 20, 2018 6:04 pm · এন ই নাও নিউজ

নগাওঁ জিলাৰ পুৰণিগুদামত বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক গুৰুতৰ দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ গোৰ্খা ৰেজিমেণ্টৰ এখন ট্ৰাক।

১৯ জুনত সংঘটিত হোৱা দুৰ্ঘটনাটোত চেপেটা হৈ পৰা ট্ৰাকখনত থকা কেইবাগৰাকীও জোৱান গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। জোৱানকেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিদৰে দুৰ্ঘটনাটো ঘটিল জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ ধাৰণা গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখে গৈ থকা সেনাৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতে ঘটনাটো ঘটে।

দুৰ্ঘটনাটোত অৱশ্যে সৌভাগ্যক্ৰমে কোনো লোকে প্ৰাণ হেৰুওৱা নাই।

Related News