NORTHEAST NOW (Assamese)

নবেম্বৰ মাহত ১৭ টাকৈ চোৰাংচিকাৰী আটক কৰাত সফল জখলাবন্ধা আৰক্ষী

November 30, 2017 5:38 pm · ৰমনী শৰ্মা, কলিয়াবৰ :

দেবেন বৰাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে পুনৰ বাৰ আটক কৰিবলৈ সক্ষম হ’ল চাৰিটাকৈ চোৰাংচিকাৰী। জখলাবন্ধা আৰক্ষীৰ জালত দুই আৰু চাৰি নৱেম্বৰত কাজিৰঙাৰ বুঢ়াপাহাৰত পোৱালীসহ তিনিটাকৈ গড়ঁহত্যাৰ এটাৰ পিচত আনটো ঘটনাৰ লগত জড়িত চোৰাংচিকাৰী।  চলিত মাহৰ দুই আৰু চাৰি তাৰিখৰ নিশা বুঢ়াপাহাৰ বনাঞ্চলৰ টুনিকাটি বনশিৱিৰ এলেকাত ৪৮ ঘণ্টাৰ ভিতৰতে তিনিটাকৈ গড়ঁহত্যা কৰিছিল চোৰাংচিকাৰীয়ে। সেই ধাৰাবাহিক গড়ঁহত্যাৰ লগত জড়িত এটা এটাকৈ এইপৰ্য্যন্ত জখলাবন্ধা আৰক্ষীয়ে আটক কৰিছে ১৭টাকৈ চোৰাংচিকাৰী। এই চলিত মাহতে প্ৰায় ১৭ জন চোৰাংচিকাৰীক গ্ৰেপ্তাৰ কৰিব পৰাটো আৰক্ষী বিষয়া দেৱেন বৰাৰ লগতে জখলাবন্ধা আৰক্ষীৰ এক বৃহৎ সাফল্য বুলি বিবেচিত হৈছে।

দুই আৰু চাৰি নৱেম্বৰত গড়হত্যাৰ দিনকেইটাত মনিপুৰি চিকাৰী জন থাঙৰ লগত ধৃত চাৰিজনে বহুবাৰ ফোনযোগে কৰা যোগাযোগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। তদুপৰি নিতুল হাজৰিকা আৰু ছহিদ আলিকো কেইদিনমান পূৰ্বে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল জখলাবন্ধা আৰক্ষীয়ে।এনেদৰে বহু গোপন তথ্যৰ পম খেদি আৰক্ষীয়ে এই চোৰাংচিকাৰীকেইজনক গ্ৰেপ্তাৰত সন্তোষ প্ৰকাশ কৰি প্ৰকৃতি প্ৰেমী তথা সচেতন লোকসকলে আৰক্ষী বিষয়া দেৱেন বৰাৰ লগতে জখলাবন্ধা আৰক্ষীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে। জখলাবন্ধা আৰক্ষী থানাত  আৰক্ষী বিষয়া হিচাপে যোগদান কৰাৰ পৰা আৰম্ভ কৰি  বৰাৰ নেতৃত্বত বৰ্তমানলৈকে ১০০ ৰো অধিক চোৰাং চিকাৰীক আৰক্ষীয়ে আটক কৰা বুলি জানিব পৰা গৈছে।

Related News