বিশ্ব ক্ৰীড়াত স্বৰ্ণ জয় কৰিলে আন এগৰাকী উত্তৰ-পূবৰ যুৱতীয়ে

আমেৰিকাৰ এনাহেইমত চলি থকা বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি মণিপুৰৰ ভাৰোত্তোলক মীৰাবাই চানুৱে তেওঁৰ শাখাত সোণৰ পদক জিকি সমগ্ৰ ভাৰতকে গৌৰৱিত কৰিলে। কৰ্নম মালেশ্বৰীৰ পিছত বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জিকা তেৱেঁ হ’ল একমাত্ৰ ভাৰতীয়। প্ৰায় দুই দশক পূৰ্বে কৰ্নম মালেশ্বৰীয়ে ক্ৰমে ১৯৯৪ আৰু ১৯৯৫বিশ্ব চেম্পিয়নশ্বিপত সোণৰ পদক জিকি একেদৰেই ভাৰতক গৌৰৱিত কৰিছিল। আজিৰ মীৰাবাইৰ এই সাফল্যত স্বাভাৱিকতে ভাৰতীয় ক্ৰীড়া জগতত আনন্দৰ জোৱাৰ উঠিছে। আনহাতে অলপতে গুৱাহাটীত বিশ্ব মহিলা যুৱ বক্সিঙত সোণৰ পদক জিকা অংকুশিতা বড়োৰ পিছত আন এগৰাকী উত্তৰ-পূবৰ খেলুৱৈৰ এই সাফল্যই উত্তৰ-পূব বাসীৰ মুখতো হাঁহি বিৰিঙিছে। মীৰাবায়ে স্নেটছত ৮৫ কেজি আৰু ক্লীন এণ্ড জাৰ্কত ১০৯ কেজি- মুঠ ১৯৪ কেজি দাঙি এই সাফল্যত উপনীত হয়। তেওঁ তেওঁৰ শক্তিশালী প্ৰতিদ্বন্দ্বী থাইলেণ্ডৰ Thunya Sukcharoen তকৈ এক কেজি অধিক দাঙি স্বৰ্ণ দখল কৰে। এই জয়েৰে ৰিঅ’ অলিম্পিকত বৃহৎ প্ৰতিযোগিতাৰ হিচাপত তেওঁৰ অভিষেক খেলত কৰা দুৰ্বল প্ৰদৰ্শনৰ শুধৰনি কৰিলে বুলি ক’ব পাৰি। অৱশ্যে যোৱা বছৰো তেওঁ দক্ষিণ এছিয়া ক্ৰীড়াতো স্বৰ্ণ জয় কৰিছিল। বহুতে এতিয়া ভাৰতীয়া ক্ৰীড়া ক্ষেত্ৰত ভাৰোত্তোলনৰ শাখাত তেওঁক কৰ্নম মালেশ্বৰীৰ উত্তৰসূৰী বুলি ক’ব বিচাৰে। এই কৃতিত্ব তেওঁৰ অৱশ্যেই প্ৰাপ্য।
You may also like
মহানগৰীত বিধ্বংসী অগ্নিকাণ্ড, তীব্ৰ আতংক বিৰাজমান
দেওবাৰে দুপৰীয়া মহানগৰীৰ খ্ৰীষ্টানবস্তিত সংঘটিত হৈছে এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। খ্ৰীষ্টানবস্তিৰ ব্ৰীজমোহন গাড়ী চাৰ্ভিচিং চেণ্টাৰত লগা জুই এতিয়ালৈকে নিৰ্বাপন কৰিব পৰা হোৱা…
ইংৰাজসকলৰ প্ৰতি অসমৰ মানুহৰ বিদ্বেষ থকা কথাটো সত্য নহয় : অসম ভ্ৰমণৰত ইংলেণ্ডৰ দম্পতী
‘বিশ্বখ্যাত এশিঙীয়া গঁড় চোৰাংচিকাৰীৰ হাতত নিধন হোৱাতো আমাৰ সকলোৰে বাবে উদ্বিগ্নতাৰ কাৰণ। অসমৰ গঁড় অসমৰে নহয় বিশ্বৰ সম্পদ। সেয়ে এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ…
ছেমখৰৰ পৰৱৰ্তী প্ৰদৰ্শন নিষিদ্ধ কৰাৰ বাবে এইবাৰ ৰাষ্ট্রপতিলৈ পত্ৰ জনজাতীয় সাহিত্য সভাৰ
চলচ্চিত্ৰ প্ৰযোজক আইমী বৰুৱাৰ ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ ‘ছেমখৰ’ আকৌ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে। এইবাৰ খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম-এ ভাৰতৰ…
ভূটানত কোভিড সংক্ৰমিতৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি, অব্যাহত থাকিব ৰাষ্ট্ৰজোৰা ল’কডাউন
ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ব্যক্তিৰ সংখ্যা ১৪৬ গৰাকীলৈ বৃদ্ধি পাইছে। ভূটানৰ প্ৰধান মন্ত্ৰী ল’তেই চেৰিঙে এই সম্পৰ্কত…