NORTHEAST NOW (Assamese)
অসম

নলবাৰীত এ’ ডিভিজন ফুটবলৰ ফাইনেলত চামতা আঞ্চলিক ক্ৰীড়া সংঘ

Posted by: এন ই নাও নিউজ July 11, 2018 11:19 pm
football

নলবাৰী ক্ৰীড়া সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি স্থানীয় গৰ্ডন হাইস্কুলৰ খেলপথাৰত আয়োজন কৰা ভেলুৰাম বৰ্মন সোঁৱৰণী এ’ ডিভিজন ফুটবল লীগৰ আজি ১১ জুলাইত অনুষ্ঠিত ছেমি ফাইনেলত চামতা ক্ৰীড়া সংঘই আটলান্টা স্প’ৰ্টচ ক্লাবক ট্ৰাইবেকাৰত ৬-৫ গ’লত পৰাস্ত কৰে।

খেলখনৰ প্ৰথমাৰ্ধ গ’লশূন্যভাৱে সমাপ্ত হোৱাৰ পিছত দ্বিতীয়াৰ্ধত আটলান্টাৰ হৈ মণি দাসে গ’ল দি অগ্ৰগতি প্ৰদান কৰে যদিও চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ হৈ জেহিৰুল ইছলামে সমতা স্থাপন কৰে।

তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত অৱশেষত টাইব্ৰেকাৰত চামতা আঞ্চলিক ক্ৰীড়া সংঘই আটলান্টা ক্লাবক ৬-৫ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে৷

কালিলৈ হ’ব লগা দ্বিতীয়খন ছেমি ফাইনেলত ঘগ্ৰাপাৰ আঞ্চলিক ক্ৰীড়া সংঘৰ মুখামুখি হ’ব ব্লু ষ্টাৰ ক্লাব।