NORTHEAST NOW (Assamese)

নলবাৰীৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ ডিটিঅ’ক নিলম্বন

July 3, 2018 10:40 am · এন ই নাও নিউজ

নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰিবহণ বিষয়া গৰাকীক নিজৰ কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত চাকিৰৰ পৰা নিলম্বন কৰা হয়।

উল্লেখযোগ্য যে ৩০ জুনৰ দিনা নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়টো আকস্মিকভাৱে পৰিদৰ্শন কৰিছিল জিলা উপায়ুক্তই। আৰু উক্ত দিনা পৰিবহণ বিষয়া গৰাকী দিনৰ প্ৰায় ১২ বজালৈকে কাৰ্যালয়ত উপস্থিত হোৱা নাছিল।

ফলত উপায়ুক্ত গৰাকী কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ এনে অৱস্থা দেখি খড়গহস্ত হৈ পৰিবহণ বিষয়া গৰাকীৰ কোঠাত তলা ওলমাই দিছিল। আৰু পৰৱৰ্তী সময়ত ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৈছিল।

যাৰ ফলস্বৰূপে আজি জিলা পৰিবহণ বিষয়া গৰাকীক নিলম্বন কৰা হয়।                                                                                                                                                                                                                                             জানিব পৰা মতে নলবাৰী জিলা পৰিবহণ কাৰ্যালয়টোত দীৰ্ঘদিন ধৰি ব্যাপক অনিয়ম, কেলংকাৰী, দুৰ্নীতি সংঘটিত হৈ আহিছিল। বিশেষকৈ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়টোত বিষয়া-কৰ্মচাৰীৰ অনুপস্থিতিয়ে স্থানীয় ৰাইজক জ্বলা-কলা খুৱাই আহিছে বুলিও স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল।

Related News