NORTHEAST NOW (Assamese)
অসম

নলবাৰী আৰু বিশ্বনাথ জিলাত সংঘটিত দুটা পৃথক পথ দুৰ্ঘটনাত তিনিজন নিহত

Posted by: এন ই নাও নিউজ June 4, 2018 11:12 am
Road accident illustration

ৰাজ্যখনৰ নলবাৰী আৰু বিশ্বনাথত সংঘটিত দুটাকৈ পৃথক শোকাৱহ পথ দুৰ্ঘটনাত তিনিজনকৈ লোকৰ থিতাতে মৃত্যু হয়।

নলবাৰী :

আজি নলবাৰীৰ বিলপাৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী বাহনৰ খুন্দাত এজন চাইকেল আৰোহী নিহত হয়।

জানিব পৰা মতে জিলাখনৰ ঘগ্ৰাপাৰ অঞ্চলৰ সমীপৱৰ্তী বিলপাৰত চাইকেল আৰোহীজনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’ব লওঁতেই বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰ বেগী বাহনে প্ৰচণ্ড জোৰেৰে খুন্দিয়াই। ফলত থিতাতে নিহত হয় লোকজন।

দুৰ্ঘটনাটোত নিহত হোৱা লোকজন নয়ন ডেকা বুলি চিনাক্ত কৰা হৈছে।

বিশ্বনাথ :

আনহাতে একেই ভয়াবহ দুৰ্ঘটনাত দ্ৰুতবেগী বাইকে দেওবাৰে নিশা বিশ্বনাথৰ কলাপানীত প্ৰাণ কাঢ়ি নিলে দুজন লোকৰ। নিশা সংঘটিত এই দুৰ্ঘটনাটোত পৰশুৰাম মাহালী আৰু ৰাজেন বৰাইক নামৰ লোক দুজন থিতাতে নিহত হয়।

ইফালে বাইকেৰে অহা তিনিজন আৰোহীক সংকটজনক অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তী কৰোৱা হয় বুলি জানিব পৰা যায়।

এইদৰে ৰাজ্যৰ দুটাকৈ প্ৰান্তত সংঘটিত হোৱা পথ দুৰ্ঘটনাত তিনিজনকৈ লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হোৱা ঘটনাই দুয়োটা অঞ্চলতে গভীৰ শোকৰ ছাঁ পোলোৱা পৰিলক্ষিত হৈছে।