NORTHEAST NOW (Assamese)
অসম

নাগালেণ্ডত তিনিজন এন ডি এফ বি (সং) গোটৰ সদস্য আটক

Posted by: এন ই নাও নিউজ December 28, 2017 10:15 pm

উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত উগ্ৰপন্থীৰ বিভিন্ন কুচ- কাৱাজ চলি থকাৰ সময়তে নাগালেণ্ডত তিনিজনকৈ উগ্ৰপন্থীক আটক কৰাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে নাগালেণ্ডত অৱস্থিত অসম ৰাইফলছৰ টুৱেনছাং বেটেলিয়নে IGAR (N)ৰ মুখ্য কাৰ্যালয়ৰ সহযোগত আৰক্ষী বাহিনীৰ সৈতে লগ লাগি বৃহস্পতিবাৰে টুৱেনছাং বজাৰত এক অভিযান চলায়। বিশেষ সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত চলোৱা উক্ত অভিযানত তিনিজন উগ্ৰপন্থীক আটক কৰিবলৈ সক্ষম হয়। আতকাধীন  উগ্ৰপন্থী কেইজনক কোকৰাঝাৰ জিলাৰ চিৰাঙৰ বাসিন্দা জোছেফ নাৰ্জাৰী (২২), ৰিপেন নাৰ্জাৰী (২১) আৰু সমনাথ বসুমতাৰী (২৫) বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত খবৰ মতে আতকাধীন উগ্ৰপন্থী কেইজন এন ডি এফ বি (সং) গোটৰ সদস্য।