NORTHEAST NOW (Assamese)
অসম

মোদীক গালি পাৰোঁতেই গাত কাৰেণ্ট লাগিল পাক মন্ত্ৰীৰ ||Viral Video

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2019 4:31 pm
Pakistan minister gets electric shock while taking Modi's name in public rally

শুকুৰবাৰে এক ৰাজহুৱা সমাৱেশত নৰেন্দ্ৰ মোদীক গালি পাৰোঁতেই গাত কাৰেণ্টৰ শ্বক লাগিল পাকিস্তানৰ ৰে’ল মন্ত্ৰী শ্বেখ ৰশ্বিদ আহমেদৰ।

পাকিস্তান চৰকাৰ আয়োজিত “কাশ্মীৰ আৱাৰ”ৰ এক সভাত ভাষণ দি থাকোতেই পাক মন্ত্ৰীজনৰ গাত কাৰেণ্ট লগাৰ ভিডিঅ’টো চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

বাকপটুতা আৰু ধাৰাসাৰ বিতৰ্ক সৃষ্টিকাৰী মন্তব্য কৰাৰ বাবে জনাজাত মন্ত্ৰীজনে “মোদীৰ মতলব আমি জানো” বুলি মন্তব্য কৰিছিল।

ভাৰতৰ প্ৰধান মন্ত্ৰী মোদীৰ বিৰুদ্ধে এই মন্তব্য কৰাৰ মুহূৰ্ততে আহমেদৰ গাত কাৰেণ্টৰ শ্বক লাগে আৰু তেওঁ সামান্য পৰিমাণে উচপ খাই উঠে।

পাক মন্ত্ৰীজন অৱশ্যে অপ্ৰস্তুত নহৈ নিজৰ ভাষণ আগবঢ়াই নিয়ে।

“কাৰেণ্ট লাগি গ’ল। ঠিক আছে, একো নাই। মোদীয়ে এই সমাৱেশ বিফল কৰিব নোৱাৰে,’’ কাৰেণ্ট লগাৰ পিছতে তেওঁ কয়।

উত্তেজক মন্তব্যকাৰী মন্ত্ৰী আহমেদে অহা অক্তোবৰত ভাৰত-পাকিস্তানৰ মাজত পূৰ্ণাংগ যুদ্ধ হ’ব বুলি কিছুদিন পূৰ্বে মন্তব্য কৰিছিল।

শুকুৰবাৰৰ সমাৱেশখন জম্মু-কাশ্মীৰত প্ৰযোজ্য ভাৰতীয় সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিলৰ বাবে ভাৰতে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আয়োজন কৰা হৈছিল।

“কাশ্মীৰৰ জনতাৰ সৈতে সহমৰ্মিতা প্ৰকাশৰ বাবে” শুকুৰবাৰে সমগ্ৰ পাকিস্তানজুৰি ইমৰান খান চৰকাৰে এই “কাশ্মীৰ আৱাৰ”ৰ আয়োজন কৰিছিল।