NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ প্ৰসংগতেই সাংসদ খালেকৰ প্ৰশ্ন “হু ইজ হিমন্ত?”

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস August 31, 2019 2:53 pm
index

বহু জল্পনা কল্পনা আৰু উৎকণ্ঠাৰ অন্তত শনিবাৰে প্ৰকাশ পালে এন আৰ চিৰ চূড়ান্ত তালিকা ৷

এন আৰ চিৰ চূড়ান্ত তালিকা প্ৰকাশৰ কিছু সময় পাছতে আজি বৰপেটা প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷

সাংসদ গৰাকীয়ে এন আৰ চিৰ চূড়ান্ত তালিকাক লৈ সম্পূৰ্ণৰূপে সন্তুষ্ট নহয় বুলি জানিবলৈ দিয়ে।

এন আৰ চিৰ চূড়ান্ত তালিকাত বহু প্ৰকৃত ভাৰতীয়ৰ নাম অন্তৰ্ভূক্ত নহ’ল বুলি উল্লেখ কৰি এই লোকসকলক কিদৰে ন্যায় দিব পাৰি সেয়াও চিন্তাৰ বিষয় বুলি খালেকে মন্তব্য কৰে ৷

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই এন আৰ চিক একপ্ৰকাৰ নস্যাৎ কৰা বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত খালেকে প্ৰশ্ন কৰে “হু ইজ হিমন্ত বিশ্ব?”

উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত তথা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সহযোগত প্ৰস্তুত কৰা এন আৰ চিক লৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰী এগৰাকীয়ে নস্যাৎ কৰাৰ কোনো অধিকাৰ নাই বুলি তেওঁ কয় ৷

যদিহে এন আৰ চিক লৈ মন্ত্ৰীগৰাকী সন্তুষ্ট নহয় তেন্তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাৰ বাবে প্ৰত্যাহ্বান জনায় বৰপেটাৰ সাংসদ গৰাকীয়ে ৷

আনহাতে, শাসকীয় দলৰ দুই এগৰাকী বিধায়কে পৰিবেশ প্ৰদূষিত কৰা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷