NORTHEAST NOW (Assamese)

নাগালেণ্ডত ভোটদানৰ হাৰ ৭৯.১৪ শতাংশলৈ বৃদ্ধি

March 1, 2018 10:33 am · এন ই নাও

যোৱা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিত নাগালেণ্ড বিধানসভা নিৰ্বাচনৰ ভোটদানৰ হাৰ ৭৯.১৪ শতাংলৈ বৃদ্ধি পাইছে। বুধবাৰে কহিমাত মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই জাৰি কৰা এক প্ৰতিবেদনৰ পৰা এই তথ্য জানিব পৰা গৈছে।

মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে লগতে প্ৰকাশ কৰে যে যিহেতু কেইবাটাও কেন্দ্ৰত পুনৰ ভোটগ্ৰহণৰ সম্ভাৱনা আছে সেয়েহে পৰৱৰ্তী পৰ্যায়ত ভোটদানৰ হাৰ আৰু অধিক হ’ব পাৰে।

নিৰ্বাচনী আয়োগৰ পৰা লাভ কৰা তথ্য অনুসৰি সদ্যসমাপ্ত নিৰ্বাচনত নাগালেণ্ডৰ ইম্পুৰ সমষ্টিত সৰ্বাধিক ৯৫ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৫০ নং লুংলেং সমষ্টিত ৯২.১২ শতাংশ আৰু জাংপেটকং সমষ্টিত ৯০.৫৬ শতাংশ লোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

আনহাতে ৪৩নং টাপি সমষ্টিত সৰ্বনিম্ন ৫৮ শতাংশ ভোটদান হয়।

উল্লেখ্য যে  ইভিএমৰ বিসংগতি আৰু অন্যান্য কিছু বিক্ষিপ্ত ঘটনাৰ বাবে ৰাজ্যখনত পুনৰ ভোটগ্ৰহণ হ’ব।

নিৰ্বাচনী আয়োগৰ এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা ২ মাৰ্চত ৰাজ্যখনৰ মন আৰু কহিমা জিলাৰ দুটা কেন্দ্ৰত পুনৰ ভোটগননা অনুষ্ঠিত হোৱাৰ সম্ভৱনা আছে।

উল্লেখ্য যে অহা ৩ মাৰ্চত উত্তৰ পূবৰ আন দুখন ৰাজ্য ক্ৰমে মেঘালয় আৰু ত্ৰিপুৰাৰ সৈতে নাগালেণ্ডত ভোটগননা অনুষ্ঠিত হ’ব আৰু একেদিনাই নিৰ্বাচনী ফলাফল ঘোষণা কৰিব নিৰ্বাচনী আয়োগে।

 

Related News