NORTHEAST NOW (Assamese)

নাগালেণ্ডত শান্তিপূৰ্ণ নিৰ্বাচনৰ আহ্বান ৰাজ্যপাল পি বি আচাৰ্যৰ

February 25, 2018 12:12 pm · এন ই নাও নিউজ

অহা ২৭ ফেব্ৰুৱাৰিত অনুষ্ঠিতব্য নাগালেণ্ড বিভানসভা নিৰ্বাচন যাতে সুকলমে আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন হয় তাৰ বাবে প্ৰতিটো ৰাজনৈতিক দল, জনসাধাৰণ, নিৰাপত্তাৰক্ষী, আৰক্ষী, প্ৰশাসনক আহ্বান জনাইছে ৰাজ্যপাল পি বি আচাৰ্যই।

ৰাজভৱনৰ পৰা জাৰি কৰা এক প্ৰেছ বিবৃতিত এই কথা জানিব পৰা হৈছে।

বিবৃতিটোত ৰাজ্যপাল আচাৰ্যই কয়: ভোটাধিকাৰ হৈছে জনসাধাৰণৰ মূল্যৱান অধিকাৰ আৰু কৰ্তব্য। গণতন্ত্ৰত ৰাইজৰ ভাগ্য নিৰ্ধাৰণত নিৰ্বাচনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।য’ত জনসাধাৰণে তেওঁলোকৰ ক্ষমতা ব্যৱহাৰৰ জৰিয়তে এখন মনে বিচৰা চৰকাৰ গঠনৰ সুযোগ লাভ কৰে।

সেয়েহে ৰাজ্যপাল আচাৰ্যই এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ সংশ্লিষ্ট সকলোকে আহ্বান জনাই কয় যে ৰাষ্ট্ৰ এখনক উন্নতিৰ বাটলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰতিটো ভোটেই গুৰুত্বপূৰ্ণ।গণতন্ত্ৰত ৰাইজেই ৰজা।

উল্লেখ্য যে নাগা শান্তি চুক্তি ৰাজহুৱা কৰাক কেন্দ্ৰ কৰি ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ একপ্ৰকাৰ অচলাৱস্থাই দেখা দিছিল।

পাহাৰীয়া ৰাজ্যখনৰ প্ৰায়বোৰ ৰাজনৈতিক দলে নিৰ্বাচন বৰ্জনৰ সিদ্বান্ত গ্ৰহণ কৰি পাছত পুনৰ নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত হৈ পৰে।

ইতিমধ্যে নাগালেণ্ড বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তীব্ৰ উৎকণ্ঠাই বিৰাজ কৰিছে নাগা জনসাধাৰণৰ মাজত। উল্লেখ যে অহা ৩ মাৰ্চত ৰাজ্যখনত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ’ব।

 

Related News