NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ ওৱাখাৰ অনিৰ্দিষ্টকালীন বন্ধ সাময়িকভাৱে স্থগিত

December 19, 2017 10:54 am · এন ই নাও নিউজ

নাগালেণ্ডৰ ওৱাখাত অল কমাৰ্চিয়েল ভেহিকুল এচোচিয়েছনে (এচিভিএ) আন স্থানীয় সংগঠনেৰে মিলি এনএছচিএন(আইএম)ৰ সদস্যই তেওঁলোকক বাহনৰ বাৰ্ষিক কৰ আদায় নিদিয়াৰ বাবে টেক্সিসমূহৰ চাবি জব্দ কৰি নিয়াৰ প্ৰতিবাদত সোমবাৰৰ পৰা আহ্বান দিয়া অনিৰ্দিষ্টকালীন বন্ধ সাময়িকভাৱে স্থগিত ৰখা হৈছে। লথা হালোৰ তৰফৰ পৰা উৎসৱকালীন সময়ৰ বাবে জনোৱা অনুৰোধৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

অৱশ্যে, সোমবাৰে বন্ধৰ কাৰ্যসূচী শান্তিপূৰ্ণভাৱে পালন হয় আৰু সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ থাকে।  যান-বাহনৰ চলাচল বন্ধ থকাৰ বাবে গোটেই ৰাজপথ খালী হৈ থাকে আৰু ৰাস্তাত মাথোঁ বন্ধ সমৰ্থকসকলকহে তহল দি থকা দেখা যায়।

এচিভিএ ৰ ওৱাখা গোট, অল নাগালেণ্ড টেক্সি এচোচিয়েছনৰ ওৱাখা গোট, ওৱাখা জিলা অটোৰিক্সা ইউনিয়ন, মিনি ট্ৰাক ইউনিয়ন, টাটা ম’বাইল ইউনিয়ন, ওৱাখা জিলা চেম্বাৰ্ছ অফ কমাৰ্ছ এণ্ড ইণ্ডাষ্ট্ৰি, লোথা ষ্টুডেন্টছ ইউনিয়ন, লোথা ইউথ হোহো,লোথা এলই হোহো, ওৱাখা জিলা এন্টাৰপ্ৰিনিউৰ এচোচিয়েছন,এচিএইউটি আৰু লোথা হোহোৰ সমন্বয় সমিতিৰ এখন বৈঠকত লোথা হোহোৰ পৰামৰ্শ অনুসৰি উৎসৱকালীন সময়ৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা হয়।

সংগঠনকেইটাই এনএছচিএন (আইএম) ক চাবি ঘুৰাই দিয়াৰ বাবে ৪৮ ঘন্টা সময়সীমা দিছে। ইয়াৰ অন্যথা সংগঠনসমূহে এনএছচিএন(আইএম) ৰপৰা সকলো সহযোগিতা প্ৰত্যাহাৰ কৰিব।

Related News