NORTHEAST NOW (Assamese)
অসম

বুধবাৰে উচ্চ ন্যায়ালয়ে দিব অখিল গগৈৰ জামিন আবেদনৰ ৰায়

Posted by: এন ই নাও নিউজ December 19, 2017 12:19 pm

কাইলৈ কৃষক নেতা অখিল গগৈৰ জামিন আবেদনৰ ৰায় দিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। তিনিমাহ আগতে ৰাষ্ট্ৰীয় নিৰপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ জামিন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰায় দিব। কৃষক নেতাগৰাকীৰ জামিন বিচাৰি সংগঠনটোৰ নেতাই জনোৱা আবেদনৰ ৰায়টোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সংগঠনটোৰ নেতা কৰ্মী তথা নেতাগৰাকীৰ অনুগামী সকলে।

ইয়াৰ আগেয়ে অখিল গগৈৰ জামিন বিচাৰি উচ্চ ন্যায়ালয়ত কৰা আবেদনৰ শুনানি হৈছিল আৰু তেতিয়াই ২০ ডিচেম্বৰত এই বিষয়ে ৰায় প্ৰদান কৰাৰ কথা ন্যায়ালয়ে ব্যক্ত কৰিছিল। গগৈক অন্যায়বাৱে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে বুলি দাবী কৰি অহা কৃষক মুক্তিৰ নেতা-কৰ্মীসকলে কাইলৈ গগৈয়ে জামিন লাভ কৰিব বুলি আশা ব্যক্ত কৰিছে।

উল্লেখযোগ্য যে কেইমাহ পূৰ্বে এখন ৰাজহুৱা সভাত ৰাইজক অস্ত্ৰ তুলি লোৱাৰ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছিল আৰু পিছত তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি কাৰাগাৰালৈ নিক্ষেপ কৰা হৈছিল।

অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যখনৰ বিভিন্ন ব্যক্তি আৰু দল-সংগঠনে ৰাজহুৱাভাৱে মত প্ৰকাশ কৰিছিল। অৱশ্যে ৰাজ্য চৰকাৰে কৃষক নেতাগৰাকীৰ মুক্তিৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে।