NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ মন জিলাৰ আবৈত আছাম ৰাইফলছৰ ওপৰত আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা স্বাধীনৰ

June 18, 2018 11:28 am · এন ই নাও নিউজ

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীনে)এ  দেওবাৰে নাগালেণ্ডৰ মন জিলাৰ আবৈত এন এছ চি এনৰ সৈতে যৌথভাৱে আছাম ৰাইফলছৰ তহলদাৰী দলৰ ওপৰত আক্ৰমণ কৰাৰ কথা স্বীকাৰ কৰিছে।

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সহকাৰী তথ্য ও প্ৰচাৰ সম্পাদক মেজৰ অৰুণোদয় অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে ‘’১৭ জুন তাৰিখে নাগালেণ্ডৰ মন জিলাৰ আবৈত ভাৰতীয় দখলদাৰী সেনাৰ অন্যতম গোট ‘আছাম ৰাইফলছৰ’ ওপৰত সংঘটিত সফল এম্বুশ্বৰ দায়িত্ব আমি ‘সংযুক্ত মুক্তি বাহিনী অসম (স্বাধীন) আৰু ‘নেশ্যনেল ছচিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড/ গৱৰ্ণমেন্টছ অফ পীপলছ ৰিপাব্লিক অফ নাগালেণ্ড’ য়ে যৌথভাৱে স্বীকাৰ কৰিছো।‘’

বিবৃতিটোত লগতে কোৱা হৈছে যে উক্ত অভিযানত আছাম ৰাইফলছৰ চাৰিজন জোৱান নিহত হোৱাৰ লগতে ৬ জন আহত হৈছে আৰু হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। ‘’আমাৰ যুটীয়া অভিযানকাৰী গোটটোৱে শত্ৰুৰ কিছু অস্ত্ৰ-শস্ত্ৰও হস্তগত কৰিবলৈ সক্ষম হৈছে,’’-বিবৃতিটোত এইদৰে কোৱা হৈছে।

উল্লেখযোগ্য যে দেওবাৰে এম্বুশ্ব কৰিয়ে আক্ৰমণকাৰী দলটোৱে তহলদাৰী আছাম ৰাইফলছৰ দলটোলৈ লক্ষ্য কৰি গুলী চালনা কৰে। আছাম ৰাইফলছৰ দলটোৱেও ইয়াৰ প্ৰত্যুত্তৰ দিয়ে। ফলত দুই পক্ষৰ মাজতে প্ৰচণ্ড গুলীয়াগুলী হয়।

প্ৰাপ্ত তথ্য মতে পানী আনিবলৈ যোৱাৰ সময়তে আছাম ৰাইফলছৰ দলটোৰ ওপৰত এই ভয়ংকৰ আক্ৰমণ সংঘটিত হয়।

দুই পক্ষৰ মাজৰ প্ৰচণ্ড গুলীয়াগুলীত আছাম ৰাইফলছৰ হাৱালদাৰ শ্যাম বাহাদুৰ, ৰাইফলমেন আলম হুছেইন নিহত হোৱাৰ বিপৰীতে তিনিজন জোবান গুৰুতৰভাৱে আহত হয়।

গুলীয়াগুলীত আহত কেইজন হৈছে ক্ৰমে ৰাইফলমেন শচীন কুমাৰ, দিলীপ সিং আৰু জি কন্যাক। আহত তিনিওজনকে হেলিকপ্তাৰযোগে যোৰহাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

Related News