NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত তিনি মাহৰ বাবে জাৰি নৈশ সান্ধ্য আইন

February 23, 2018 7:01 pm · এন ই নাও নিউজ
মন জিলা

নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰৰ সীমান্তৱৰ্তী ৩ কি.মি. জোৰা এলেকা এটাত তিনি মাহৰ বাবে জাৰি কৰা হৈছে সান্ধ্য আইন।

জিলা প্ৰশাসনে ২১ ফেব্ৰুৱাৰিৰ পৰা ২১ মে’লৈ ৰাতি ১০ৰ পৰা ৩ বজালৈ ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নৈশ সান্ধ্য আইন ঘোষণা কৰিছে।

জিলা দণ্ডাধীশ কে’ থাৱাচিলানে আজি এক বিবৃতিযোগে জনাইছে যে ৰাজ্য চৰকাৰে জিলা দণ্ডাধীশলৈ কৰ্তৃত্ব হস্তান্তৰ কৰাৰ পিছতে এই নিৰ্দেশ জাৰি কৰা হৈছে।

জিলাখনৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়াৰ দায়িত্বটো থকা থাৱাচিলানে ২১ ফেব্ৰুৱাৰিত নিৰ্বাচন আয়োগৰ পৰা পোৱা নিৰ্দেশনা অনুসৰি মন জিলাৰ ভোটগ্ৰহণৰ সময় সলনি কৰা হৈছে বুলি আন এক জাননী জাৰি কৰিছে। এই জাননী অনুসৰি ভোটগ্ৰহণৰ নতুন সময় হ’ব পুৱা ৭ৰ পৰা আবেলি ৩ বজালৈ।

Related News