NORTHEAST NOW (Assamese)
নাগালেণ্ড

নাগালেণ্ড বিধানসভা নিৰ্বাচনত অংশগ্ৰহণৰ কথা ঘোষণা বিজেপিৰ

Posted by: এন ই নাও নিউজ January 31, 2018 9:47 am
BJP-570x320

নিত্য নতুন মোৰ লোৱা নাগালেণ্ডৰ ৰাজনীতিত শেহতীয়াকৈ আন এক মোৰ দেখা গৈছে। ৰাজ্যখনৰ সকলো দলৰ প্ৰতিনিধিয়ে আগন্তুক নিৰ্বাচন বৰ্জন কৰাৰ বাবে সহমতত উপনীত হৈ এই সম্পৰ্কীয় যুটীয়া বিবৃতিত চহী কৰাৰ ২৪ ঘণ্টাৰ পিছতে উক্ত বিবৃতিটোত স্বাক্ষৰকাৰী তেওঁলোকৰ নেতা খেতো চেমাক বিজেপিয়ে নিলম্বিত কৰিছিল। তাৰ কেইঘণ্টামানৰ পিছতে আজি বিজেপিয়ে নাগালেণ্ড বিধানসভা নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে। এই পটভূমিত সিদিনা যুটীয়া বিবৃতিত স্বাক্ষৰকাৰী আন বিলাক দলৰো স্থিতি লক্ষণীয় পৰ্য্যায়ত আছে।

নাগালেণ্ড বিজেপিয়ে এই ঘোষণা কৰিছ ৰাজ্যখনৰ নিৰ্বাচনী দায়িত্বত থকা তথা কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে বিষয়টো নিজৰ স্থিতি প্ৰকাশৰ পিছতে। ৰিজিজুৱে কালি কৈছিল যে নিৰ্বাচন হ’ল এটা সাংবিধানিক প্ৰক্ৰিয়া আৰু কেন্দ্ৰীয় চৰকাৰ সংবিধানৰ দ্বাৰা পৰিচালিত। লগতে তেওঁ নিৰ্বাচন বৰ্জন নাগা সমস্যা সমাধানৰ পথ নহয় বুলিও মন্তব্য কৰিছিল।

উল্লেখযোগ্য যে ৬০ খন আসন থকা নাগালেণ্ড বিধানসভাৰ নিৰ্বাচন অহা ২৭ ফেব্ৰুৱাৰিত পতাৰ কথা দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিছিল যদিও যোৱা ২৯ জানুৱাৰিত ৰাজ্যখনত থকা ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ১১টা ৰাজনৈতিক দলৰ প্ৰতিনিধিয়ে নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্তত স্বাক্ষৰ কৰিছিল। তেওঁলোকে নিৰ্বাচনৰ পূৰ্বেই নাগা ৰাজনৈতিক সংকটৰ সমাধান হ’ব লাগে বুলি দাবী কৰি এই সিদ্ধান্ত গ্ৰহণৰ কথা প্ৰকাশ কৰিছিল।

আজি নিৰ্বাচনী অধিসূচনা জাৰি হ’ব লগীয়া ৰাজ্যখনৰ ৰাজনীতিত বিজেপিৰ এই স্থিতিয়ে বিশেষ তাৎপৰ্য্য বহন কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত সত্ত্বেও অধিসূচনা জাৰি তথা সংবিধানৰ নিয়মৰ দোহাই দি নিৰ্বাচন প্ৰক্ৰিয়াটো দেশৰ নিৰ্বাচন আয়োগে অব্যাহত ৰাখে তেতিয়া আন আন দলবিলাকৰ স্থিতিও লক্ষণীয় হ’ব। বিজেপিয়ে নিৰ্বাচন খেলাৰ এই সিদ্ধান্ত লোৱাৰ লগে লগে ইয়াৰ মিত্ৰ দল তথা বৰ্তমান শাসনত থকা এন পি এফৰ স্থিতি পৰৱৰ্তী কেই ঘণ্টামানত বেচ লক্ষণীয় হ’ব। লগতে এন এছ চি এন (এম) তথা শীৰ্ষ নাগা হোহো বিলাকৰ ভূমিকাও মন কৰিব লগীয়া হ’ব।