NORTHEAST NOW (Assamese)
অসম

নাগাৰ আগ্ৰাসনৰ বিৰুদ্ধে হালোৱাটিঙত একাধিক সংগঠনৰ ৪৮ ঘন্টীয়া পথ অৱৰোধ

Posted by: ৰাজীৱ দত্ত July 26, 2018 4:56 pm
হালোৱাটিঙত প্ৰতিবাদ

শিৱসাগৰ জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ হালোৱাটিঙত আজি পুৱা ৯:৩০ বজাৰ পৰা একাধিক সংগঠনে নাগালেণ্ডৰ বিৰুদ্ধে ঐক্যবদ্ধভাবে ৪৮ ঘন্টীয়া পথ অৱৰোধ কাৰ্য্যসূচী ৰূপায়ণ কৰিছে।

অসম নাগালেণ্ড সীমান্তত নাগাৰ আগ্ৰাসী ভূমিকাৰ প্ৰতিবাদত আহোম সেনা, আটাছু, আটছা, আহোম জাতীয় গণ মঞ্চ অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চাহ-শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি, বৰ অসম প্ৰজা পৰিষদ, অনুসূচিত জাতি ছাত্ৰ সন্থা , টাইপা আৰু আছা ৰ যৌথ উদ্যোগত এই অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে।

হালোৱাটিঙত নাগালেণ্ড প্ৰশাসনে অসমৰ মাটিত স্থাপন কৰা সীমান্ত পৰীক্ষণ চকী নাগালেণ্ডৰ ভূমিলৈ স্থানান্তৰিত কৰা, নাগাৰ আগ্ৰাসন বন্ধ কৰা, হালোৱাটিঙত স্থাপন কৰিবলৈ লোৱা অসমৰ সীমান্ত পহৰা চকী পূৰ্ব নিৰ্দ্ধাৰিত স্থানতেই তৎকালে নিৰ্মাণ কৰা, যোৱা ২৪ জুলাইত নাগা দুৰ্বৃত্তই হালোৱাটিঙত কতৰ্ব্যৰত সাংবাদিকক প্ৰান নাশৰ চেষ্টা চলোৱা আৰু একেদিনাই চেলেংহাট চাহ বাগিচাৰ পৰিচালকলৈ গুলী চালনা কৰা ঘটনাত জড়িত নাগা দুৰ্বৃত্তক কৰায়ত্ত্ব কৰাৰ দাবীত ১৩ টা সংগঠনে এই অৱৰোধ কাৰ্যসূচী পালন কৰিছে।