NORTHEAST NOW (Assamese)

নাগৰিকত্ব প্ৰসংগক লৈ ভোটৰ ৰাজনীতি কৰিছে বিজেপিয়েঃ ৰিপুণ বৰা

April 22, 2018 1:06 pm · শুভাশিস চক্ৰৱৰ্তী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ ভিত্তিবৰ্ষ  ১৯৭১ চনৰ ২৪ মাৰ্চ হ’ব লাগে বুলি কংগ্ৰেছে পূৰ্বৰ পৰাই কৈ আহিছে। কিন্তু বিজেপিয়ে একমাত্ৰ ভোটৰ স্বাৰ্থত এইক্ষেত্ৰত ৰাজনীতি কৰি আছে।— শনিবাৰে শিলচৰত আয়োজিত এক সংবাদ মেলযোগে এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

আনহাতে বৰাই বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে গেৰুৱা বাহিনীটোৱে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ স্বাৰ্থত এনআৰচিক লৈ ব্লেকমেইলিঙৰ ৰাজনীতি কৰি আছে।

উল্লেখযোগ্য যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি বৰাই এইবুলিও প্ৰকাশ কৰে যে ভাৰতীয় সংবিধানত শৰনাৰ্থীক নাগৰিকত্ব দিয়াৰ কোনো বাস্তৱসন্মত ব্যৱস্থাৰ কথা উল্লেখ কৰা হোৱা নাই।

অৱশ্যে কোনো লোকে এই ক্ষেত্ৰত আবেদন কৰিব পাৰে যদিও তেওঁলোকক নাগৰিকত্ব দিয়া হ’ব নে নাই সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱাৰ কতৃত্ব থাকিব ন্যায়ালয়ৰ।

আনহাতে বৰাই লগতে অভিযোগ কৰি কয় যে বিজেপিয়ে কেৱল সমাজৰ বিভিন্ন শ্ৰেনীৰ লোকৰ মাজত বিভাজন আনিবলৈ চেষ্টা কৰি আছে যদিও তেওঁলোকে এই ক্ষেত্ৰত কেতিয়াও সফল হ’ব নোৱাৰিব।

শিলচৰত অনুষ্ঠিত সভাখনত প্ৰাক্তন মন্ত্ৰী অজিত সিং, সাংসদ সুস্মিতা দেৱ, বিধায়ক ৰাজদ্বীপ গোৱালাৰ সৈতে কংগ্ৰেছৰ আন নেতা-কৰ্মীসকল উপস্থিত আছিল।

 

 

 

 

Related News