NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জন জাগৰণ অব্যাহত : কলিয়াবৰত বিভিন্ন দল-সংগঠনৰ জোঁৰ সমদল

Posted by: ৰিদিপ শৰ্মা May 13, 2018 9:50 pm
protest at kaliabor against citizenship bill

নাগৰিকত্ব বিধেয়ক ( Citizenship Amendment Bill ) বাতিলৰ দাবীত কেইবাটাও দল-সংগঠনে একগোট হৈ আজি ১৩ মে’ত কলিয়াবৰত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰি জখলাবন্ধাৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথেৰে এক জোঁৰ সমদল বাহিৰ কৰে।

জখলাবন্ধা মিলন সংঘ প্ৰাঙ্গনত অনুষ্ঠিত হোৱা বিশাল প্ৰতিবাদী সভাখনত কলিয়াবৰ শাখা সাহিত্য সভা, সদৌ অসম গ্ৰামীন শ্ৰমিক সন্থা, আটছা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, জ্যেষ্ঠ নাগৰিক সন্থা, প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি, মৰিয়া যুৱ-ছাত্ৰ সন্থা, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা আৰু কৰ্মচাৰী পৰিষদে অংশগ্ৰহণ কৰে।

ইয়াৰৰোপৰি বিধেয়কখনৰ বিৰোধিতাৰে কলিয়াবৰৰ আছুৰ প্ৰাক্তন বিষয়ববীয়াসকলেও আজি কলিয়াবৰ শাখা সাহিত্য সভা ভৱনত এখন সভা অনুষ্ঠিত কৰে। সভাত প্ৰাক্তন আছুনেতাসকলে বিধেয়কখনক লৈ সদৌ অসম ছাত্ৰ সন্থা আৰু অগপ দলৰ তিনিমন্ত্ৰীৰ ভূমিকাক সমালোচনা কৰে।