NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ২৯ মে’ত গণ অনশন আছু-জনগোষ্ঠীয় সংগঠনৰ

Posted by: কল্পজ্যোতি শইকীয়া May 22, 2018 10:45 pm
AASU leaders along with 28 indigenous ethnic group meeting against Citizenship Amendment Bill 2016 in Guwahati on 22-05-18. Pix by UB Photos

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ বিদেশীৰ বিৰুদ্ধে স্বদেশীৰ আন্দোলন। আছু ( AASU ) আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ আজি ২২ মে’ত হোৱা বৈঠকৰ অন্তত আয়োজিত সংবাদমেলত এই মন্তব্য কৰে ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যই।

আনহাতে ‘নাগৰিকত্ব সংশোধনী বিধেয়কখন দেশৰ নাগৰিকৰ স্বাৰ্থত কৰিছে নে বিদেশীৰ স্বাৰ্থত কৰিছে?’ বুলি প্ৰশ্ন কৰি এবছুৰ সভাপতি প্ৰমোদ বড়োই সংবাদমেলত কয় যে দেশৰ নাগৰিকৰ তুলনাত কেন্দ্ৰীয় চৰকাৰে বিদেশীৰ বাবেহে বেছিকৈ চিন্তা কৰিছে।

বিধেয়কখন বাতিলৰ দাবীত সংগঠনকেইটাই অহা ২৯ মে’ত পুৱা ৬ৰ পৰা গধূলি ৫ বজালৈ গুৱাহাটীত গণ অনশন কাৰ্য্যসূচী ঘোষণা কৰিছে।

সংগঠনসমূহৰ উদ্যোগত গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আৰু প্ৰত্যেক জিলাত গণ আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব বুলি সদৰী কৰি ভট্টাচাৰ্য্যই অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক গণ সত্যাগ্ৰহত ভাগ লোৱাৰ বাবে আহ্বান জনায়। ভট্টাচাৰ্য্যই জনাই যে ২ জুনত গণ সত্যাগ্ৰহৰ পিছতে পুনৰ বৈঠকত বহিব ২৮ জনগোষ্ঠীয় সংগঠন আৰু তাতে পৰৱৰ্তী কাৰ্য্যসূচী নিৰ্ধাৰণ কৰা হ’ব।

আনহাতে সদৌ অসম ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাখলাৰীয়ে ‘মুখ্যমন্ত্ৰীকে ধৰি প্ৰায় সংখ্যক মন্ত্ৰী অসম আন্দোলনৰ লগত জড়িত। বিজেপি বা অগপ যিয়ে নহওক। তেওঁলোকে অসম আন্দোলনৰ এসময়ত নেতৃত্ব লৈছিল। কিন্তু এতিয়া টু শব্দ এটাও নোকোৱাটো দুৰ্ভাগ্যজনক’ বুলি মন্তব্য কৰে।

আনহাতে ঠায়ে ঠায়ে বাংলাদেশীৰ নাম এন আৰ চিত সোমোৱাৰ সন্দেহ প্ৰকাশ কৰে ভট্টাচাৰ্য্যই। বৰপেটা কাণ্ডৰ পিছৰে পৰা ২৮ টা সংগঠন একত্ৰিত হোৱাৰ কথা উল্লেখ কৰি ভট্টাচাৰ্য্যই কয় যে অসম চুক্তিক অৱমাননা কৰা তথা ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিব খোজাৰ বাবেই নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰা হৈছে।

‘সাংবিধানিক ৰক্ষাকবচ, বাংলাদেশ আৰু ভাৰত চৰকাৰৰ মাজত দ্বি-পাক্ষিক চুক্তি হ’ব লাগিব আৰু অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তকৰণ হ’ব লাগিব’ ক’লে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

গুৱাহাটীৰ প্ৰাগ কন্টিনেন্টেল হোটেলত দুপৰীয়া ১২ বজাৰ পৰা প্ৰায় ৪ ঘন্টাজোৰা বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলখনত সকলো সংগঠনৰে নেতৃত্ব উপস্থিত আছিল।