NORTHEAST NOW (Assamese)
অসম

দৰকাৰ পৰিলে আৰ এছ এছৰ হিন্দুত্ববাদক বলি দিম কিন্তু অসমীয়াত্ব এৰি দিয়া নহ’ব : অখিলৰ হুংকাৰ

Posted by: কল্পজ্যোতি শইকীয়া November 16, 2018 11:21 pm

‘শংকৰদেৱ, লাচিত-চিলাৰায়ক হিন্দুত্ববাদীৰ হাতত এৰি দিয়া নহ’ব। দৰকাৰ পৰিলে আৰ এছ এছৰ হিন্দুত্ববাদক বলি দিম। কিন্তু কোনো কাৰণতে অসমীয়াত্ব এৰি দিয়া নহ’ব।’ এই হুংকাৰ প্ৰদান কৰে কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে যোৱা ১১ নৱেম্বৰৰ পৰা শদিয়া, ধুবুৰী, জোনাই আৰু ডিফুৰ পৰা বাইক ৰেলীৰে অহা ‘সংকল্প যাত্ৰা’ৰ অন্তত দিচপুৰ প্ৰেছ ক্লাবৰ সন্মুখত অনুষ্ঠিত কৰা বিশাল প্ৰতিবাদী সভাত বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষক নেতা গৰাকীয়ে উক্ত হুংকাৰ প্ৰদান কৰি এই হুংকাৰ ৭০ টা সংগঠনৰে হুংকাৰ বুলি দাবী কৰে।

তাৰোপৰি কৃষক নেতা গৰাকীয়ে বিজেপিয়ে হিন্দু ৰাষ্ট্ৰী প্ৰতিষ্ঠা কৰিবলৈ খোজে বুলি উল্লেখ কৰি কয় যে ‘অসমীয়া মানুহৰ ওপৰত কোনোপধ্যে হিন্দুৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিবলৈ দিয়া নহ’ব।‘

লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ দ্বাৰা বিদেশীৰ বৃহৎ পৰিমাণৰ বোজা জাপি দি এই বিধেয়কৰ জৰিয়তে অসমীয়া জাতিটোক ভাঙি পেলাব খোজা হৈছে বুলিও তেওঁ কয়।

আনহাতে ভাষণ প্ৰসংগত তেওঁ কয় ‘বিজেপি আৰ এছ এছে মহাপুৰুষ শংকৰদেৱক অসমীয়া জাতিৰ গুৰু নহয়, লাচিত-চিলাৰায়ক অসমীয়া জাতিৰ বীৰ নহয় বুলি কয়। তেওঁলোকে শংকৰদেৱক হিন্দুৰ গুৰু আৰু চিলাৰায়ক হিন্দুৰ বীৰ বুলি দাবী কৰে।‘

কৃষক নেতা গৰাকীয়ে ‘কোনো সত্ৰৰ সত্ৰাধিকাৰে, ৰাজনৈতিৰ দালাল অথবা হিন্দু সংগঠনে শংকৰদেৱক বিক্ৰী  কৰিব খুজিব পাৰে, কিন্তু অসমীয়া জাতিয়ে কেতিয়াও শংকৰদেৱক অসমীয়াৰ হাতৰ পৰা এৰি নিদিয়ে।‘ বুলি মন্তব্য কৰে।

আনহাতে হিন্দু ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ নামত এজনো নতুনকৈ বিদেশী আনিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি হিন্দু বাংলাদেশীক অনাৰ বিপৰীতে অসমৰ সকলো বিদেশীক খেদি অসমীয়াক সংখ্যালঘু হোৱাৰ পৰা ৰক্ষা কৰিবৰ বাবে ৰাজ্যৰ তথা কেন্দ্ৰৰ বিজেপি চৰকাৰক দাবী জনায় কৃষক নেতা অখিল গগৈয়ে।

উল্লেখযোগ্য যে মহানগৰ প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি তথা প্ৰতিবাদী সমাবেশত অংশগ্ৰহণ কৰিবলৈ অহা বহুসংখ প্ৰতিবাদকাৰীক ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে যদিও পাচ সহস্ৰাধিক প্ৰতিবাদকাৰীৰে আজি অনুষ্ঠিত হয় ‘দিচপুৰ চল’ কাৰ্য্যসূচী।