NORTHEAST NOW (Assamese)
অসম

জে’লৰ পদূলিতে সোচ্চাৰ জিতেন; পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আহ্বান, বিৰোধিতা বিধেয়কৰ

Posted by: এন ই নাও নিউজ November 16, 2018 11:02 pm
Jiten Dutta

শুকুৰবাৰে সন্ধিয়া মুকলি হৈয়ে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পদূলিতে নাগৰিকত্ব বিধেয়ক বিৰোধিতাৰে সোচ্চাৰ হৈ উঠাৰ লগতে আসন্ন পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভতো অসমৰ জনগণক স্পষ্ট আহ্বান জনাইছে আলফা নেতা জিতেন দত্তই।

পঞ্চায়ত নিৰ্বাচনত চৰকাৰক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য কৰি শাসকীয় মিত্ৰ চৰকাৰ বিৰোধিতাৰ স্পষ্ট ইংগিত দিয়ে আলফা নেতাজনে। আগন্তুক নিৰ্বাচন অসমৰ ৰাইজৰ বাবে ‘সুন্দৰ সুযোগ’ বুলিও মুকলি হোৱাৰ পিছতে আলফাৰ কাৰ্য্যালয়ত আয়োজিত সংবাদমেলত মন্তব্য কৰিছে দত্তই।

“এটা সুন্দৰ সুযোগ আহিছে আগন্তুক পঞ্চায়ত নিৰ্বাচন। এতিয়া অসমৰ জনগণে সিদ্ধান্ত লওক যিখন চৰকাৰে নাগৰিকত্ব বিধেয়ক আনিছে..এতিয়া জনগণে কোনটো পক্ষ ল’ব, বিলৰ বিৰুদ্ধাচৰণ কৰিব নে বিলৰ পক্ষ ল’ব,” নিৰ্বাচন সন্দৰ্ভত বিজেপি চৰকাৰক লৈ এই মন্তব্য দত্তৰ।

আৰক্ষীৰ বেহুৰ মাজত শুকুৰবাৰে দিচপুৰত ৭০টা সংগঠনৰ নাগৰিকত্ব বিধেয়ক বিৰোধী প্ৰতিবাদকো ‘শক্তিশালী’ বুলি ঐক্যবদ্ধ প্ৰতিবাদৰ অংগীকাৰ দোহাৰিলে ‘প্ৰৰোচনামূলক’ মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা আলফা নেতাজনে।

“আজি যথেষ্ট এটা শক্তিশালী প্ৰতিবাদ গুৱাহাটীত হৈছে। অনাগত দিনত আমি অসমৰ সমূহ ৰাইজে ঐক্যবদ্ধভাৱে বিধেয়কৰ বিৰোধিতা কৰি যাম,” বিধেয়ক বিৰোধিতা চিৰদিনে ‘কৰি যাম’ বুলি দোহাৰি দত্তৰ মন্তব্য।

কামৰূপ মহানগৰৰ ন্যায়িক দণ্ডাধীশৰ আদালতে বৃ্হস্পতিবাৰে জিতেন দত্ত আৰু মৃণাল হাজৰিকাক জামিন প্ৰদান কৰিছিল।

‘প্ৰৰোচনামূলক’ মন্তব্য কৰাৰ অভিযোগত গুৱাহাটীৰ গীতানগৰ আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰ নং ৪৪৮/২০১৮ আৰু ৪৪৩/২০১৮ৰ ভিত্তিত ক্ৰমে দত্ত আৰু হাজৰিকাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।