NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সম্ৰাট আছিল : মুমিনুল আৱাল

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 16, 2018 10:09 pm

‘অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সম্ৰাট আছিল।‘ বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱালে এক প্ৰেছ বিবৃতিৰ জৰিয়তে এই কথা প্ৰকাশ কৰে।

উল্লেখযোগ্য যে কালি অৰ্থ্যাৎ ১৫ নৱেম্বৰত উত্তৰ-পূব গ্ৰন্থমেলাত আয়োজিত এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে তেওঁৰ কাৰ্য্যকালত হোৱা দুৰ্নীতিৰ কথা অকপটে স্বীকাৰ কৰিছিল আৰু বিজেপি চৰকাৰৰ দিনত তেওঁৰ সময়তকৈয়ো বেছি দুৰ্নীতি হোৱা বুলি উল্লেখ কৰিছিল।

লগতে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে এপিএছচি কেলেংকাৰীৰ সঠিক তদন্ত হোৱা নাই বুলি দাবী কৰি মুখ্য মন্ত্ৰী সোণোৱালক প্ৰশ্ন কৰিছিল এইদৰে ‘ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিলে, কিন্তু ৰাকেশ পালৰ ভায়েকক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? ৰাকেশ পালৰ ভায়েকক কোনে লুকুৱাই ৰাখিছে?

গগৈয়ে কালি কৰা এই মন্তব্যৰ পাছতেই আজি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে উভটি ধৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক। অৱশ্যে আৱালে ৰাকেশ পালক লৈ গগৈয়ে দিয়া স্বীকাৰোক্তিৰ বাবে লগতে গগৈক ধন্যবাদো জ্ঞাপন কৰে।

তেওঁ বিবৃতিটোত কয় যে, ‘প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ দিনত দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অন্যায়ৰ কলিয়া ডাৱৰে আৱৰি ধৰিছিল।‘

তাৰোপৰি গগৈৰ ৰাজত্বকালত অসম লোকসেৱা আয়োগৰ সৈতে জড়িত থকা দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক সুৰক্ষা প্ৰদান কৰিছিল বুলিও মুমিনুলে গুৰতৰ অভিযোগ উত্থাপন কৰে।

আনহাতে বৰ্তমানৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক জে’ললৈ প্ৰেৰণ কৰি এক দৃঢ় পদক্ষেপ গ্ৰহণ কৰা বুলি আৱালে দাবী কৰে।

উল্লেখযোগ্য যে এপিএছচি কেলেংকাৰীৰ ৮০ শতাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াই বৰ্তমানো গ্ৰেপ্তাৰ হ’বলৈ বাকী থকা বুলি কিছুদিন পূৰ্বে সংবাদমেলত দাবী কৰিছিল কৃষক নেতা অখিল গগৈয়ে।

লগতে কৃষক নেতা গৰাকীয়ে এপিএছচিৰ কেলেংকাৰিৰ মূল খলনায়কসকল তৰুণ গগৈ, হিমন্ত বিশ্ব শৰ্মা, সমুজ্জ্বল ভট্টাচাৰ্য্য আৰু গৌতম ৰয়ৰ দৰে ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ নেতাই ৰাজনৈতিক পৃষ্ঠপোষকতাৰে যি কেলেংকাৰি কৰিছিল তাৰ তদন্ত এই পৰ্য্যন্ত নহ’ল বুলিও দাবী কৰিছিল।

এনে পৰিপ্ৰেক্ষিতত এপিএছচি কেলেংকাৰীৰ সঠিক তদন্ত হোৱা অথবা বিজেপি চৰকাৰে এই ক্ষেত্ৰত দৃঢ় পদক্ষেপ লোৱা বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে কৰা দাবীয়ে বিশেষ তাৎপৰ্য্য বহন কৰিছে।