NORTHEAST NOW (Assamese)
অসম

MG Hector কিনিব বিচৰাসকলৰ বাবে ভাল খৱৰ; অচিৰেই পুনৰ আৰম্ভ হ’ব বুকিং

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2019 9:10 am
hecter2_090919091246 123

আপুনি যদি MG হেক্টৰ কিনিব বিচাৰে তেতিয়াহ’লে আপুন আৰু দীঘলীয়া সময় পেক্ষা কৰিব নালাগে। কোম্পানীয়ে অচিৰেই ইয়াৰ বুকিং আৰম্ভ কৰিব।

কোম্পানীয়ে এতিয়া ইয়াৰ প্ৰডাকশ্যন বৃদ্ধিত গুৰুত্ব দিছে।

প্ৰকৃততে ভাৰতত SUVৰ প্ৰতি আকৰ্ষণ থকা গ্ৰাহকৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। ইয়াৰ ফলতে MG Hector SUVয়ে সুন্দৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

এনে পৰিপ্ৰেক্ষিতত কোম্পানীয়ে বুকিং বন্ধ কৰি দিবলগীয়া হৈছিল। কিয়নো MG Hector ৰ প্ৰডাকশ্যন অনুসৰি এই বছৰত ইয়াৰ বিক্ৰী সম্পূৰ্ণ হৈ গৈছিল।

কিন্তু এতিয়া কোম্পানীয়ে ইংগিত দিছে যে উৎসৱৰ সময়ত MG Hector ৰ বুকিং  পুনৰ আৰম্ভ কৰিবলৈ তেওঁলোক সাজু হৈছে।

কোম্পানীয়ে ২৮,০০০ খন  MG Hectorৰ বুকিং  লাভ কৰিছে। যোৱা ২৭ জুনত ভাৰতত ইয়াক মুকলি কৰা হৈছিল।

hecter3_090919091246
MG Hector। ফটো: ইন্টাৰনেট

এম জি মটৰে  MG Hector SUVৰ বুকিং পুনৰ আৰম্ভ কৰিবলৈ ইয়াৰ প্ৰডাকশ্যন ক্ষিপ্ৰ কৰি তুলিছে।

তাৎপৰ্যপূৰ্ণভাৱে, অটো ছেক্টৰত দেখা দিয়া মন্দাৱস্থাৰ মাজতো কোম্পানীটোৱে গুজৰাটত থকা ইয়াৰ প্ল্যান্টত হেক্টৰৰ প্ৰডাকশ্যন ৩,০০০ য়ুনিটলৈ বৃ্দ্ধি কৰি দিছে।

ভাৰতত এম জি মটৰৰ অধ্যক্ষ গৰাকীয়ে ছেপ্টেম্বৰত হেক্টৰৰ ৩,০০০ য়ুনিট নিৰ্মাণ কৰি থকা বুলি জানিব দি কয় যে দুমাহলৈ উৎপাদনৰ এই স্তৰ কোম্পানীয়ে অক্ষুন্ন ৰাখিব।

জানিব পৰা মতে, অহা মাহৰ পৰা পুনৰ হেক্টৰৰ বুকিং আৰম্ভ হ’ব।

উল্লেখযোগ্য যে MG Hector ভাৰতীয় বজাৰত এম জি মটৰৰ প্ৰথমখন কাৰ। ইয়াৰ প্ৰাৰম্ভিক মূল্য ১২.১৮ লাখ টকা। ইয়াৰ সৰ্বোচ্চ মূল্য ১৬.৮৮ লাখ টকালৈকে নিৰ্দ্ধাৰণ কৰা হৈছে।

এইখন গাড়ী পেট্ৰ’ল আৰু ডিজেল দুয়োটা ইঞ্জিনৰ সৈতে মুকলি কৰা হৈছে। ইন্টাৰনেট কাৰ হোৱাৰ বাবেইয়াত ১০০তকৈয়ো অধিক কানেক্টিভিটি ফিচাৰ্ছ দিয়া হৈছে।