NORTHEAST NOW (Assamese)
অসম

নলবাৰীত ৰাস চাবলৈ গৈ ভয়ানক দুৰ্ঘটনা : কৰুণ মৃত্যুক সাৱটি ল’লে ৪ যুৱকে

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 23, 2024 1:18 pm

শুকুৰবাৰে নিশা বজালী জিলাত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা

এই দুৰ্ঘটনাত ৪ জন যুৱকে থিতাতে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাত আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

ভৱানীপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হয় এই দুৰ্ঘটনা।

খবৰ অনুসৰি, নলবাৰীৰ ৰাস উৎসৱত অংশগ্ৰহণ কৰি বৰপেটালৈ উভতি আহি থকা অৱস্থাত ঘাইপথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে যুৱককেইজনৰ বাহনে।

এই সংঘৰ্ষৰ ফলত নিমিষতে মৃত্যু হয় চাৰিজন যুৱকৰ। থিতাতে নিহত যুৱককেইজন হৈছে আছিছ হাবিব খান, মিজৌৰ ৰহমান, ৰয়েল খান, আৰু মইৰুল হক।

উল্লেখযোগ্য যে গাড়ীখনত মণিৰুল হক নামৰ ১৮ বছৰীয়া যুৱককে ধৰি সাতজন ব্যক্তি আছিল বুলি জানিব পৰা গৈছে।