NORTHEAST NOW (Assamese)
Popular Stories

বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰীমা দাসৰ ‘বুলবুল কেন ছিং’

Posted by: এন ই নাও নিউজ December 20, 2018 11:10 am
bulbul can sing by rima das

অসমৰ চলচ্চিত্ৰক্ষেত্ৰলৈ আন এক সুখবৰ। ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিৰে দেশে-বিদেশে বহু সন্মান অৰ্জন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ৰীমা দাসৰ শেহতীয়া চলচ্চিত্ৰ ‘বুলবুল কেন ছিং’লৈ এইবাৰ আহিছে এক বিশেষ কৃতিত্ব।

বিশ্বৰ অন্যতম সন্মানিয় চলচ্চিত্ৰ মহোৎসৱ ৬৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ ‘বুলবুল কেন ছিং’ প্ৰদৰ্শিত হ’ব। অহা বৰ্ষৰ ৭ৰ পৰা ১৭ ফেব্ৰুৱাৰিলৈকে চলিবলগীয়া মহোৎসৱটোৰ জেনেৰেশ্যন ১৪প্লাছ শাখাত ছবিখনে প্ৰতিদ্বন্দিতাৰ বাবে নিৰ্বাচিত হৈছে।

ইতিমধ্যে টৰণ্ট চলচ্চিত্ৰ মহোৎসৱৰ যোগেদি ৱৰ্ল্ড প্ৰ‌িমিয়াৰ লাভ কৰা ‘বুলবুল কেন ছিং’ৰ বাবে এইয়া হ’ব প্ৰথমটো য়ুৰুপিয়ান প্ৰিমিয়াৰ।

উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কেৱল অসমৰ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক গৌতম বৰাৰ কাৰ্বি ভাষাত নিৰ্মিত ‘ৱছ’বিপো’ (Wosobipo) নামৰ ছবিখনে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ ফ’ৰাম শাখাৰ বাবে নিৰ্বাচিত হৈছিল।

বুধবাৰে বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱৰ এক প্ৰেছ বিজ্ঞপ্তিত উক্ত খবৰ প্ৰকাশ হোৱাৰ পিছতে স্বাভাৱিকতে যথেষ্ট উৎফুল্লিত হৈ পৰা ৰীমা দাসে বাৰ্লিনৰ দৰে আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱলৈ ছবিখন নিৰ্বাচিত হোৱাটো তেওঁৰ বাবে এক বৃহৎ সাফল্য বুলি মন্তব্য কৰে।

ফে’চবুকত দিয়া প’ষ্টত পৰিচালিকা গৰাকীয়ে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘ভিলেজ ৰকষ্টাৰ্ছ’ৰ সফলতাৰ পিছত এখন নতুন চিনেমাৰ যাত্ৰা আৰম্ভ কৰাটো মোৰ বাবে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ আছিল। কিন্তু ছবিখনৰ যাত্ৰা দেখি অধিক আশাৰহে সঞ্চাৰ হৈছে।’

উল্লেখযোগ্য যে ৰীমা দাসৰ ‘ভিলেজ ৰকষ্টাৰ্ছ’ ছবিখনে অ’স্কাৰৰ বিদেশী ভাষা চলচ্চিত্ৰৰ শিতানত প্ৰতিদ্বন্দিতাৰ বাবে ভাৰতৰ পৰা নিৰ্বাচিত হৈছিল যদিও প্ৰতিদ্বন্দিতাৰ দৌৰৰ পৰা ছবিখন বাহিৰ হ’ল।