NORTHEAST NOW (Assamese)
দেশ

কোভিড চেন্টাৰৰ ভিতৰতে ৰোগীয়ে বলাৎকাৰ কৰিলে ১৪ বছৰীয়া কিশোৰীক, দুজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 25, 2020 3:33 pm
delhi-sardar-patel-covid

মহামাৰী ক’ৰ’ণাৰ আতংকই খেদি ফুৰা দেশত ক’ৰ’ণাত আক্ৰান্ত ৰোগীৰ বাবে স্থাপন কৰা কোভিড কেয়াৰ চেন্টাৰ সমূহ মহিলা-যুৱতীৰ বাবে মুঠেও নিৰাপদ নহয়।

সেই কথাৰ প্ৰমাণ বাৰে বাৰে পোৱা গৈছে।

কোভিড কেয়াৰ চেন্টাৰত ইতিমধ্যে বহু মহিলা-যুৱতীৰ সতীত্ব নাশ হৈছে।

শেহতীয়াকৈ দিল্লীৰ দক্ষিণ অঞ্চলৰ চাটাৰপুৰত  স্থাপন কৰা দেশৰ ভিতৰতে সৰ্ববৃহৎ চৰ্দাৰ পেটেল কোভিড কেয়াৰ চেন্টাৰত এগৰাকী ১৪ বছৰীয়া কিশোৰীক আন এজন ৰোগীয়ে বলাৎকাৰ কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

চৰ্দাৰ পেটেল কোভিড কেয়াৰ চেন্টাৰত থকা এজন ১৯ বছৰীয়া ৰোগীয়ে ১৪ বছৰীয়া কোভিড আক্ৰান্ত কিশোৰী গৰাকীক বলাৎকাৰ কৰে।

এই কাৰ্যত বলাৎকাৰী জনক সহায় কৰে আন এজন ৰোগীয়ে।

বলাৎকাৰী যুৱক জনে কিশোৰী গৰাকীক বলাৎকাৰ কৰাৰ উপৰি সেই ঘটনাৰ সমগ্ৰ দৃশ্য মোবাইল ফোনৰ কেমেৰাত বন্দী কৰি থয়।

ঘটনাৰ বিষয়ে কিশোৰী গৰাকীয়ে পৰিয়ালৰ লোকক অৱগত কৰাৰ পিছতে পৰিয়ালে চাটাৰপুৰৰ থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে তদন্ত চলাই অপৰাধী যুৱক জনৰ লগতে তেওঁক সহায় কৰা আন জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

সম্প্ৰতি কিশোৰী গৰাকীক আন এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।