NORTHEAST NOW (Assamese)
অসম

আই পি এলৰ ১৩ বছৰীয়া ইতিহাসত ক্ৰমাগত দুটা শতকীয় ইনিংছেৰে ধাৱানৰ অভিলেখ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2020 10:16 pm

দিল্লী কেপিটেলছৰ তাৰকা অপেনিং বেটছমেন শিখৰ ধাৱানে আজি আই পি এলৰ ইতিহাসত এক অনন্য অভিলেখ গঢ়িবলৈ সক্ষম হয়।

ধাৱানে তেৰ বছৰীয়া আই পি এলৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ক্ৰমাগতভাৱে দুটাকৈ শতৰাণ অৰ্জন কৰা প্ৰথম গৰাকী বেটছমেন হিচাপে আজি অভিলেখ গঢ়ে।

কিংগছ এলেভেন পঞ্জাৱৰ বিৰুদ্ধে খেলখনত অনবদ্য বেটিঙেৰে ধাৱানে দৰ্শনীয় শতৰানেৰে এই অভিলেখ অৰ্জন কৰে।

৩৪ বছৰীয়া বাওহতীয়া বেটছমেন গৰাকীয়ে মাত্ৰ ৫৭ টা বলৰ মুখামুখি হৈ ১০০ ৰানৰ সীমা অতিক্ৰম কৰে।

ইয়াৰ পূৰ্বৰ খেলখনত ধাৱানে চেন্নাই চুপাৰ কিংগছৰ বিৰুদ্ধে মাত্ৰ ৫৮ বলত দৰ্শনীয় ১০১ ৰান সংগ্ৰহ কৰি দিল্লীক বিজয়ী কৰিছিল।

চেন্নাই বিৰুদ্ধে অৰ্জন কৰা শতৰাণটো ধাৱানৰ আই পি এলত প্ৰথমটো শতৰান আছিল।