NORTHEAST NOW (Assamese)
অসম

জনপ্ৰিয় য়ুটিউবাৰ দিম্পু বৰুৱা কোভিড-১৯ পজিটিভ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া October 20, 2020 10:03 pm
youTuber Dimpu Baruah tests Covid19 positive
জনপ্ৰিয় য়ুটিউবাৰ দিম্পু বৰুৱা কোভিড-১৯ পজিটিভ।
ফেচবুক যোগে এই কথা জনাইছে য়ুটিউবাৰ গৰাকীয়ে।
তেওঁ বৰ্তমান হোম আইছ’লেশ্যন থকাৰ সিদ্ধান্ত লৈছে।
তেওঁৰ আৰৱ ভ্ৰমণ কৰাৰ কথা আছিল যদিও কোভিডত আক্ৰান্ত হোৱাৰ বাবে পিছুৱালে এই যাত্ৰা। ফেচবুক পোষ্টত দিম্পুৱে জনাইছে এই কথা।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে কিবা ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাৰ পিছতে তেওঁ কিছু সুস্থ হৈছিল যদিও আজি পুনৰ অসুস্থ হোৱাত তেওঁ কোভিড পৰীক্ষা কৰায় আৰু এন্টিজেন টেষ্টত পজিটিভ আহে।