NORTHEAST NOW (Assamese)
Popular Stories

জোতা খুলি ICUত সোমাবলৈ কোৱাত ক্ষুব্ধ বিজেপি মেয়ৰ; হাস্পাতাল ভাঙি দিবলৈ মাতি আনিলে বুলডজাৰ!

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 23, 2023 4:25 pm

হাস্পাতালৰ ICU প্ৰৱেশ কৰিবলৈ জোতা খুলিবলৈ কোৱাৰ পিছতে ক্ষুব্ধ মেয়ৰে ফোন কৰি মাতিলে বুলডজাৰ। উদ্দেশ্য হস্পিতালখন ভাঙি দিয়া! এনে ঘটনাই দেখা গৈছিল লক্ষ্ণৌত। এই বিষয়টোক লৈ সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছত এনে কোনো ঘটনা সংঘটিত হোৱা নাই বুলি হাস্পাতাল কৰ্তৃপক্ষই অস্বীকাৰ কৰিছে। অৱশ্যে চিকিৎসালয় কৰ্তৃপক্ষই মেয়ৰ চিকিৎসালয়লৈ অহা বুলি মানি লৈছে।

যোৱা সোমবাৰে লক্ষ্ণৌৰ মেয়ৰ সুষমা খৰাকৱালে বিজনোৰ অঞ্চলৰ এখন ব্যক্তিগত হাস্পাতাল পৰিদৰ্শন কৰে। তাতে চিকিৎসাধীন হৈ আছে এজন অৱসৰপ্ৰাপ্ত সেনা বিষয়া সুৰেন কুমাৰ। তেওঁক চাবলৈ এটা দল লৈ মেয়ৰ হাস্পাতাললৈ গৈছিল।

লগতে পঢ়ক: মিজোৰামত নির্মাণৰত ৰে’ল দলং ভাঙি ভয়ংকৰ বিপৰ্যয়; কমেও ১৭ জন লোকৰ মৃত্যু

হাস্পাতালত চিকিৎসকে জোতা পিন্ধি মেয়ৰক আই চি ইউত প্ৰৱেশ কৰাত বাধা দিয়ে। মেয়ৰক জোতা খুলি ICUত প্ৰৱেশ কৰিবলৈ কোৱা হয়।

অভিযোগ অনুসৰি, প্ৰৱেশত বাধা দিয়াৰ পিছতে তেওঁৰ ধৈৰ্যচ্যুতি ঘটে। হাস্পাতালৰ কৰ্মচাৰী আৰু মেয়ৰৰ মাজত তীব্ৰ বাক্-বিতণ্ডা হয়।

অভিযোগ মতে, তৰ্ক চলি থকাৰ সময়তে মেয়ৰে ফোন কৰি বুলডজাৰ মাতে। তেওঁ হাস্পাতালখন ভাঙি পেলোৱাৰ ভাবুকি দিয়ে। মেয়ৰৰ ফোনৰ কিছু সময়ৰ পিছতে হাস্পাতালৰ চৌহদত দেখা যায় এখন বুলডজাৰ। যদিও তেতিয়ালৈ বিষয়টো নিষ্পত্তি হৈছিল বুলি এক সূত্ৰই প্ৰকাশ কৰিছে।

লগতে পঢ়ক: ভাৰতত সম্ভৱ! দ্ৰুতবেগত গাড়ী চলাই জৰিমনা ভৰিলে কানাডাৰ বিত্তমন্ত্ৰীয়ে

এই পৰিপ্ৰেক্ষিতত হাস্পাতালখনৰ পৰিচালকে কয় যে মেয়ৰগৰাকীয়ে হাস্পাতালখনলৈ আহিছিল আৰু চিকিৎসকৰ সৈতে তেওঁৰ কথা হয়। কিন্তু বুলডজাৰ অনাটো আৰু মেয়ৰৰ সৈতে কোনো বাক্-বিতণ্ডাৰ কথাটো তেওঁ সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। সংবাদ মাধ্যমৰ একাংশক ভুৱা বাতৰি প্ৰচাৰ কৰা বুলিও তেওঁ সমালোচনা কৰে।