NORTHEAST NOW (Assamese)
অসম

শিৱক সন্তুষ্ট কৰিবলৈ নিজৰ ডিঙি কাটি শিৱলিংগত তেজ ঢালিলে যুৱকে, তাৰপিছত কি ঘটিল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 12:30 pm
a 4shiva-worship

শিৱৰ আশীৰ্বাদ বিচাৰি এজন যুৱকে যি কাম কৰিলে সেয়া জানিলে বহুতৰে হয়তো দেহৰ নোম শিঁয়ৰি উঠিব।

শিৱক সন্তুষ্ট কৰাৰ বাবেই এইজন যুৱকে নিজৰেই ডিঙি কাটিলে আৰু ডিঙিৰ পৰা ধাৰাসাৰে বৈ অহা তেজ অৰ্পন কৰিলে শিৱলিংগত।

যুৱক জনৰ নাম নন্দু ঘুংগাছে। মহাৰাষ্ট্ৰৰ পৈঠান চহৰৰ গগাভট্ট চকৰ সিদ্ধি আলি দৰগাহৰ কাষতে আছে এটা শিৱ মন্দিৰ।

সেই মন্দিৰতে এজন তান্ত্ৰিকৰ ওচৰলৈ গৈছিল যুৱক নন্দু।

নন্দুৰ মনৰ কামনা পূৰণৰ উপায় হিচাবে তান্ত্ৰিকে তেওঁক ডিঙি কাটি তেজ শিৱলিংগত অৰ্পন কৰাৰ বাবে পৰামৰ্শ দিয়ে।

তান্ত্ৰিকৰ পৰামৰ্শ অনুসৰিয়েই নন্দুৱে চোকা অস্ত্ৰৰে নিজৰ ডিঙিত ৰেপ দিয়ে। লগে লগে তেজেৰে ভৰি পৰে মন্দিৰৰ ভিতৰ ভাগ।

পুৱাৰ ভাগত বিহাৰী পৰদেশী নামৰ লোক এজনে মন্দিৰলৈ গৈ মন্দিৰত তেজৰ ডোঙা দেখিবলৈ পায়।তেজৰ ডোঙাৰ মাজত পৰি আছিল যুৱক নন্দু।

এই দৃশ্য দেখি লোকজনে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ নন্দুক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। শিৱলিংগত ঢালিবলৈ ডিঙি কাটি তেজ উলিয়াওতে নন্দুৰ শ্বাসনলীডাল কটা যায়।

ফলত তেওঁৰ মৃত্যু ঘটে।এই সমগ্ৰ ঘটনাৰ সাক্ষী আছিল চাৰিজন লোক।কিন্তু আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত তেওঁলোকে এই কথা আৰক্ষীক জনোৱা নাছিল।

পিছত আৰক্ষীয়ে সন্ধান চলাই লোক কেইজনক আটক কৰাৰ পিছতেই সমগ্ৰ ঘটনাৰ ৰহস্য ফাদিল হয়।

আৰক্ষীয়ে তান্ত্ৰিক জনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।