NORTHEAST NOW (Assamese)
অসম

ভুৱা টিআৰপি গোচৰত গ্ৰেপ্তাৰ হ’ল অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ চিইঅ’ বিকাশ খানচন্দানি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 13, 2020 12:30 pm
TRP Scam

ভুৱা টিআৰপি গোচৰত দেওবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৰিপাব্লিক টিভিৰ মুখ্য কাৰ্যবাহী বিষয়া(চিইঅ’) বিকাশ খানচন্দানিক।

যোৱা অক্টোবৰ মাহত বিষয়টো পোহৰলৈ অহাৰ পাছত বিকাশ খানচন্দানিক ভুৱা টিআৰপি গোচৰত জেৰা কৰা হৈছিল।

ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল (বিএআৰচি)ৰ ফালৰ পৰা নিয়োগ কৰা সংস্থা হানছাৰ তৰফৰ পৰা টিভি ৰেটিং পইন্টত জালিয়াতিৰ অভিযোগ পোৱাৰ পাছত মুম্বাই আৰক্ষীয়ে তদন্তত নামিছিল।

আৰক্ষীয়ে জানিবলৈ দিছিল যে ধন দি টিআৰপি বৃদ্ধি কৰাৰ কামত তিনিটা চেনেল জড়িত আছিল। এই গোচৰত ৰিপাব্লিক টিভিৰ উপৰি ফাকট মাৰাঠী আৰু বক্স চিনেমা নামৰ আন দুটা চেনেলৰ নাম আছিল।

মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে নিজৰ নিউজ চেনেলটোৰ জৰিয়তে আক্ৰমণ চলোৱাৰ বাবেই মহাৰাষ্ট্ৰ চৰকাৰে ৰিপাব্লিক টিভিৰ নাম বদনাম কৰিবলৈ এনে অভিযোগ অনা বুলি দাবী কৰিছিল চেনেলটোৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীয়ে।

বাৰ্কৰ অভিযোগত ৰিপাব্লিক টিভিৰ কোনো নাম নাই বুলি উল্লেখ কৰি অৰ্ণৱে কৈছিল যে ভাৰতৰ জনসাধাৰণে প্ৰকৃত সত্যটো জানে।

ইপিনে, টিআৰপিৰ দুৰ্নীতিৰ বাবেই অক্টোবৰৰ মাজভাগৰ পৰা সংবাদ চেনেলৰ ৰেটিং সাময়িকভাৱে বাৰ্কে বন্ধ কৰি ৰাখিছে।