NORTHEAST NOW (Assamese)
অসম

“সাজ-পোচাক চায়ে প্ৰতিবাদকাৰীক চিনিব পাৰি”, মোদীৰ “সস্তীয়া মন্তব্য”ক গৰিহণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 5:43 pm
Modi in jharkhand

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতা কৰি দেশৰ বিভিন্ন ঠাইত প্ৰতিবাদ কৰি থকা প্ৰতিবাদকাৰীসকলক তেওঁলোকৰ সাজ-পোচাক চায়ে কোন চিনিব পাৰি বুলি কৰা “সস্তীয়া” মন্তব্যৰ বাবে প্ৰধান মন্ত্ৰীক গৰিহণা দিছে দেশৰ বিভিন্ন প্ৰান্তত।

প্ৰধান মন্ত্ৰীজনৰ এই মন্তব্যক সাম্প্ৰদায়িক বুলিও আখ্যা দিছে দেশৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে।

১৫ ডিচেম্বৰত ঝাৰখণ্ডৰ ডুমকাত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত মোদীয়ে কৈছিল, “প্ৰতিবাদকাৰীসকল কোন তেওঁলোকৰ সাজ-পোচাক চায়ে চিনিব পাৰি”।

প্ৰধান মন্ত্ৰীজনে এই মন্তব্যৰ জৰিয়তে “প্ৰতিবাদকাৰীসকল সকলো মুছলমান” হিচাপে ক’ব খোজা বুলি বিভিন্নজনৰ দাবী।

আন কিছুমানৰ দাবী, মোদীয়ে ইয়াৰ জৰিয়তে দেশত সাম্প্ৰদায়িক বিভাজন আৰু সংঘৰ্ষৰ সৃষ্টি কৰিব খুজিছে।

ইপিনে বিজেপিৰ সমৰ্থক আৰু আন আন হিন্দুত্ববাদী শক্তিবোৰে মোদীৰ এই বক্তব্যত জোৰ দি নতুন আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ কৰাসকলক হিন্দু-বিৰোধী সজোৱাৰ চেষ্টা অব্যাহত ৰাখিছে।

কিছু সংখ্যকে অসম্পৰ্কিত পুৰণি ছবিক পশ্চিম বংগৰ প্ৰতিবাদৰ সময়ত মুছলমানে হিন্দুৰ ওপৰত কৰা অত্যাচাৰৰ ছবি হিচাপে ভুৱা প্ৰচাৰ কৰিছে।