NORTHEAST NOW (Assamese)
অসম

উন্নাও নাবালিকা ধৰ্ষণ গোচৰত দোষী সাব্যস্ত প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ; ১৯ ডিচেম্বৰত শাস্তি ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 16, 2019 6:27 pm
Kuldeep-Sengar

উন্নাও ধৰ্ষণ কাণ্ডৰ দুবছৰ পাছত দোষী সাব্যস্ত হ’ল প্ৰাক্তন বিজেপি বিধায়ক কুলদীপ সেনেগাৰ।

দিল্লীৰ তিচ হাজাৰি কোৰ্টে বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকীক ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰে।

১৯ ডিচেম্বৰত প্ৰাক্তন বিধায়ক গৰাকীৰ সাস্তি ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে।

২০১৭ চনত এগৰাকী নাবালিকাক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগত নাম উত্থাপন হৈছিল তেতিয়াৰ উত্তৰপ্ৰদেশৰ বিজেপিৰ বিধায়ক কুলদীপ সেনেগাৰৰ বিৰুদ্ধে।

পৰৱৰ্তী সময়ত নিজৰ ৰাজনৈতিক প্ৰভাৱেৰে উক্ত অভিযোগৰ পৰা মুক্ত হোৱাৰ বাবে একাধিক পন্থা অৱলম্বন কৰিছিল বিধায়ক গৰাকীয়ে। আনকি সাক্ষ্য নিশেষ কৰাৰ উদ্দেশ্যে ষড়যন্ত্ৰ কৰি দুৰ্ঘটনা সংঘটিত কৰি  ধৰ্ষিতাৰ আত্মীয়ক মৃত্যুৰ মুখলৈ ঠেলি দিছিল।

উল্লেখযোগ্য যে, ৰাজনৈতিক প্ৰভাৱেৰে অভিযোগ মুক্ত হ’ব বিচৰা কুলদীপ সেনেগাৰৰ বিৰুদ্ধে পকছো-সহ একাধিক ধাৰাৰ গোচৰ ৰুজু হয়।

১৯ ডিচেম্বৰত তিচহাজাৰি কোৰ্টে কুলদীপ সেনেগাৰৰ সাস্তি ঘোষণা কৰিলেও কোৰ্টৰ সেই ৰায়ৰ বিৰুদ্ধে উচ্চ আদালতৰ ওচৰ চাপিব পাৰিব বিজেপিৰ প্ৰাক্তন বিধায়ক গৰাকী।