NORTHEAST NOW (Assamese)
Popular Stories

২২ গজ অতীতঃ আম্বাতি ৰায়ুডুৱে আৰম্ভ কৰিলে নতুন কেৰিয়াৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 28, 2023 7:29 pm
Ambati Rayudu

ৰাজনীতিৰ পথাৰত খোজ দিছে আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰে। এইবাৰ ৰাজনীতিত নামিছে প্ৰাক্তন ক্ৰিকেটাৰ আম্বাতি ৰায়ুডু।

অন্ধ্ৰ প্ৰদেশৰ শাসকীয় দল যুৱজন শ্ৰমিকা ৰীথু কংগ্ৰেছ পাৰ্টিত (YSRCP) যোগদান কৰে প্ৰাক্তন তাৰকাগৰাকীয়ে।

বিজয়াৱাড়াস্থিত মুখ্যমন্ত্ৰী কাৰ্যালয়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীৰ উপস্থিতিত ৰায়ুডুৱে আনুষ্ঠানিকভাৱে দলটোত যোগ দিয়ে।

অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীৰ লগতে উপ-মুখ্যমন্ত্ৰী নাৰায়ণ স্বামী আৰু সাংসদ পেদ্দিৰেড্ডী মিথুন ৰেড্ডীয়ে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক দললৈ আদৰণি জনায়।

উল্লেখ্য যে ইংলেণ্ডত অনুষ্ঠিত হোৱা ২০১৯ৰ বিশ্বকাপত দলত স্থান নোপোৱাত ক্ষোভ প্ৰকাশ কৰি ৰায়ুডুৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল।

ইয়াৰ পিছতে বিগত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ছিজনৰ অন্তত আম্বাতি ৰায়ুডুৱে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে।

ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ প্ৰায় এমাহৰ পাছতে তেওঁ অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত প্ৰৱেশ কৰি দ্বিতীয় ইনিংছ আৰম্ভ কৰিব বুলি ঘোষণা কৰিছিল।

ৰায়ুডুৱে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ বা মাচিলিপট্টনম সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি অনুমান কৰা হৈছিল।

কিন্তু প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এই সম্ভাৱনা অস্বীকাৰ কৰিছে।