NORTHEAST NOW (Assamese)
Popular Stories

‘সন্মতিসূচক যৌন সম্ভোগ ধৰ্ষণ নহয়’; উচ্চতম ন্যায়ালয়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2021 10:49 am
1593687950_RAAgrY_SupremeCourtofIndia

কোনো দুগৰাকীয়ে ব্যক্তিয়ে সম্পৰ্কত থকা সময়ত দুয়োৰে সন্মতিত যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছত নাৰীগৰাকীয়ে সেই যৌন সম্ভোগক ধৰ্ষণ কৰা বুলি দাবী কৰিলেও সেয়া ধৰ্ষণ নহয়। এই ঐতিহাসিক মন্তব্য কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে।

মংগলবাৰে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ বুবদে, ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ ৰামসুব্ৰমণিয়ানৰ বিচাৰপীঠে কয় যে সম্পৰ্কত থকা সময়ত সন্মতি ক্ৰমে যৌন সম্পৰ্ক স্থাপন কৰি সেই সম্পৰ্ক ভাঙি যোৱাৰ পিছত মহিলাগৰাকীয়ে পূৰ্বৰ যৌন সম্পৰ্কক ধৰ্ষণ বুলি প্ৰতিষ্ঠা কৰিব খুজিলেও সেয়া ধৰ্ষণৰ শাৰীত নপৰে।

আনকি এইটো কোৱা হৈছে মহিলাগৰাকীক বিয়াৰ প্ৰতিশ্ৰুতি নিদিয়াকৈ সম্পৰ্কত থকা অৱস্থাত পুৰুষে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ পিছত সেই যৌন সম্পৰ্কক ধৰ্ষণৰ শ্ৰেণীভুক্ত কৰিব নোৱাৰি।

দুগৰাকী কল চেন্টাৰত কৰ্মৰত ব্যক্তিৰ আবেদনৰ শুনানিৰ সময়ত সৰ্বোচ্চ ন্যায়ালয়ে এইদৰে কয়।

উল্লেখ্য যে উক্ত দুগৰাকী লোকে পাঁচবছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল আৰু পাঁচবছৰীয়া সম্পৰ্কৰ পিছত পুৰুষজনে অন্য এগৰাকী মহিলাৰে বিবাহপাশত আৱদ্ধ হয়।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে পুৰুষগৰাকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে দাবী কৰে যে বিয়া পতাৰ মিছা প্ৰতিশ্ৰুতিৰে পুৰুষগৰাকীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক কৰি আহিছিল।

অভিযুক্ত পুৰুষগৰাকীয়ে মহিলাগৰাকীৰ সন্মতিক্ৰমেহে তেওঁলোকৰ মাজ শাৰীৰিক সম্পৰ্ক ঘটিছিল বুলি আদালতৰ মজিয়াত দাবী কৰে। লগতে তেওঁ কয় যে সম্পৰ্কত থকা সময়ত সন্মতিক্ৰমে যৌন সম্পৰ্ক কৰাতো যদি ধৰ্ষণ হয় আৰু ইয়াৰ বাবে যদি পুৰুষগৰাকীক গ্ৰেপ্তাৰ কৰি শাস্তি বিহা হয় তেনে ই হ’ব অতি ভয়ংকৰ কথা।

ইফালে মহিলাগৰাকীয়ে দাবী কৰে যে মানুহক দেখুৱাবলৈ তেওঁলোকে মন্দিৰত বিয়া কৰি স্বামী-স্ত্ৰী হিচাপে বাস কৰিছিল আৰু ইয়াৰ পিছতে পুৰুষগৰাকীয়ে তেওঁক অত্যাচাৰ কৰি ধন দাবী কৰিবলৈ ধৰে।

আদালততে দুয়ো পক্ষৰ কথা শুনি কয় যে “ধৰ্ষণ আৰু সন্মতিসূচক যৌন সম্পৰ্কৰ মাজত স্পষ্ট পাৰ্থক্য আছে।”

শীৰ্ষ আদালতে এই গোচৰত অভিযুক্ত পুৰুষজনক ৮ সপ্তাহৰ বাবে গ্ৰেপ্তাৰত স্থগিতাদেশ জাৰি কৰাৰ লগত গোচৰটো সকলো তথ্য প্ৰমাণ পৰৱৰ্তী সময়ত ট্ৰায়েল ক’ৰ্টত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।